![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/ss_1489043169_749x421.jpeg?itok=T2qy-YIX)
দিল্লীঃ সংসদ ভৱনৰ সুৰক্ষাৰ দিশ উদঙাই ফেচবুকত লাইভ কৰি বিতৰ্কলৈ অহা আম আদমি পাৰ্টিৰ সাংসদ ভগৱন্ত মানলৈ জোতা দলিয়ালে অচিনাক্ত ব্যক্তিয়ে। শেহতীয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’ এই কথাৰ অনুমান কৰা হৈছে। ভিডিঅ’টো অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণ চহৰৰ নৈশভোজনৰ সময়ৰ বুলি চিনাক্ত কৰা হৈছে।
ম’বাইলেৰে তোলা ভিডিঅ’টোত এজন ব্যক্তিয়ে হাতত জোতা লৈ থকা আৰু ভগৱন্ত মানক দেখা গৈছে আৰু পিছ মূহুৰ্ততে স্ক্ৰীণ আন্ধাৰ হৈছে আৰু শুনা গৈছে জোতা মৰাৰ শব্দ। নেপথ্যত শুনা গৈছে 'জোতা কিয় মাৰিছা’ বুলি প্ৰশ্ন কৰা। তাৰে পিছতে কোনোবা এজনে কৈছে যে গুৰুগৃহত মদ্যপান কৰি সোমোৱা বাবেই এই শাস্তি মানৰ।