ধ্রুৱজ্যোতি বড়া, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখৰ ধনেখোৱা গাঁৱৰ বিপুল বড়াৰ নশ্বৰ দেহ শুকুৰবাৰে বিয়লি সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে নিজ জন্মভূমিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শেষকৃত সম্পন্ন কৰা হয়। 

যোৱা বৃহস্পতিবাৰে চত্তিছগড়ত নক্সাল উগ্রপন্থীৰে হোৱা সংঘৰ্ষত দেশৰ বাবে প্রাণ আহুতি দিয়া বীৰ শ্বহীদ জোৱান বিপুল বড়াৰ নশ্বৰ দেহ ৫-৪০ বজাত নিজ বাস গৃহলৈ অনা হয়। 

উল্লেখ্য যে গায়ন-বায়তসহিতে গৌৰীসাগৰ তিনিআলিৰপৰা ঘৰলৈকে আদৰি অনা হয় বীৰ জোৱানজনৰ নশ্বৰ দেহ। জোৱানজনৰ নশ্বৰ দেহ সম্পূৰ্ণ  সামৰিক মৰ্যাদাৰে শ্রদ্ধাঞ্জলি অৰ্পণ কৰা হয়। অসমৰ মুখ্যমন্ত্রীৰ হৈ শ্রদ্ধাঞ্জলি অৰ্পণ কৰে থাওৰা সমষ্টিৰ বিধায়ক কুশল দেউৰী আৰু শিৱসাগৰ    জিলা বিজেপিৰ সভানেত্রী সুৰভি ৰাজকুমাৰী আৰু বিজেপি ৰাজ্যিক সদস্যা বিনীতা দেই। 

ইয়াৰ পাছত জিলা প্রশাসনৰ হৈ ৰাজহচক্র বিষয়া সম্প্রীতি গোস্বামী আৰু জিলা আৰক্ষী অধীক্ষকে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। যুৱ কংগ্রেছৰ সভানেত্রী অংকিতা দত্ত আৰু শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ তৰফৰপৰা শ্বহীদগৰাকীক শ্ৰদ্ধা জনোৱা হয়। দিখৌমুখ প্রেছ ক্লাবৰ লগতে অন্যান্য স্হানীয় সংগঠনৰ নেতৃত্বই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে বড়াই মৃত্যুৰ সময়ত পত্নী সহিতে পুত্র, কন্যা আৰু দুজন ভায়েকক এৰি থৈ গৈছে।