![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/download_9.jpg?itok=6vHsxGLJ)
চাবুৱাঃ ভূপেন হাজৰিকা সেঁতুক লৈ সৃষ্টি হ’ব সংগীত৷ দেশৰ দীৰ্ঘতম ধলা-শদিয়া দলং তথা ভূপেন হাজৰিকা সেঁতুকলৈ ডিব্ৰুগড়ৰ এজন যুৱক তথা জনগোষ্ঠীয় নেতাই ৰচনা কৰিছে এই গীত।
ডিব্ৰুগড় জিলাৰ চাবুৱাৰ হাতীআলি নাদুৱা গাঁৱৰ যুৱক তথা সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাই আজি ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত পানদোৱাৰ ষ্টুডিঅত "সুধাকণ্ঠ শদিয়া" শীৰ্ষক এলবামৰ গীত বাণীৱদ্ধ কৰে।
মুলত ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেঁতুক কেন্দ্ৰ কৰি অসমৰ লগতে কাষৰীয়া ৰাজ্য অৰুণাচন প্ৰদেশৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ কথা প্ৰতিফলিত হব "সুধাকণ্ঠ শদিয়া" নামৰ সংগীতৰ এলবামটিত।
অহা ২৬ আগষ্টত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ দিনা ৰাইজৰ বাবে মুকলি কৰা হব এলবামটোৰ মুঠ ৬টা গীত৷ "সুধাকণ্ঠ শদিয়া" নামৰ এলবামটিৰ গীতত জনগোষ্ঠীয় নেতা যুগল বৰুৱাই নিজে কন্ঠদান কৰিছে৷