![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/t3.jpg?itok=ffZPFUaf)
তেজপুৰঃ একাংশ পেট্ৰ’ল-ডিজেল পাম্পত কম মূল্যৰ ইন্ধন এবিধ ব্যৱহাৰ কৰি ভেজাল পেট্ৰ’লৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ তথ্য পুনৰ পোহৰলৈ আহিছে।
জানিব পৰা মতে, একাংশ অসাধু ব্যৱসায়ীয়ে ভেজাল ইন্ধনৰ ব্যৱসায় কৰি লাখ লাখ টকা লুটি থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত তেজপুৰৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
শুকুৰবাৰে তেজপুৰ পেট্ৰ’লিয়াম নামৰ তেল ডিপোত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে গ্ৰাহকক ডিজেল- পেট্ৰ’ল দি থকাৰ সময়তে ডিপোটোৰ ডিজেলৰ পৰিৰ্ৱতে পানী ওলোৱাত ডিপোটোত আজি গ্ৰাহকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
উল্লেখ্য যে এজন তেজপুৰ অট’ সন্থাৰ সদস্যই অট’ত তেল ভৰোৱাৰ সময়ত তেজপুৰ পেট্ৰ’লিয়ামত ভেজাল ডিজেল বিক্ৰী কৰা তথ্য পোহৰলৈ আহে। ফলত ডিপোটোৰ কৰ্মচাৰীৰ লগত তৰ্কাতৰ্কি লাগি গ্ৰাহকক বনিয়াই মাৰপিট কৰিবলৈ ধৰে।