মাটিৰে প্ৰকাণ্ড গাঁত পুতিবলগীয়া হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ-আছুৰ প্ৰতিবাদ

তেজপুৰঃ শোনিতপুৰৰ বালিপৰাত সদৌ অসম ছাত্ৰ সন্থাৰ অভিনৱ প্ৰতিবাদ। বালিপৰাৰ মাজেৰে পাৰহৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিগত বহু দিন ধৰি জৰাজীৰ্ণ আৱস্থা তথা নিৰ্মানত লেহেমীয়া হোৱাৰ অভিযোগ৷
জৰাজীৰ্ণ পথৰ প্ৰতিবাদ জনাই আজি বালিপৰা আঞ্চলিক ছাত্র সন্থা আৰু অসম সেনাই ঘাইপথৰ গাঁতসমূহ নিজাববীয়াকৈ মাটিৰে পুতি সাব্যস্ত কৰিলে প্ৰতিবাদ।
উক্ত কাৰ্যসূচীত জিলা ছাত্র সন্থাৰ সভাপতি অভিজিত নাথ, অসম সেনাৰ জিলা সংগঠক ৰাজনীশ শইকীয়া উপস্থিত থাকি শীঘ্ৰে পথচোৱা যাতায়তৰ উপযোগী কৰিবলৈ বিভাগীয় মন্ত্রী আৰু কৰ্তৃপক্ষক দাবী জনাই৷
অন্যথা পথচোৱা যাতায়তৰ উপযোগী নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আছুয়ে ৷