
গুৱাহাটীঃ অৰ্ধসামৰিক বাহিনী-আৰক্ষীয়ে গিজ-গিজাই থকা গুৱাহাটী মহানগৰীৰ সংঘটিত হ’ব ধৰিছে চুৰিকাণ্ড৷ দেওবাৰে নিশা হাতীগাঁৱত সংঘটিত হয় চুৰিকাণ্ড৷
জানিব পৰা মতে, হাতীগাঁৱৰ পূবেৰুণ পথৰ দুটি গৃহত ঘৰৰ কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দেওবাৰে চোৰে চলাই চাফাই অভিযান৷ পূবেৰুণ পথৰ দাতিৰে ৩৩-৩৬ নং গৃহত নিশা কোনো লোক নাছিল৷
সেই সুযোগ লয় চোৰে৷ চোৰে গৃহত প্ৰবেশ কৰি লুটপাত চলাই নগদ প্ৰায় বিশ হাজাৰ টকা, ম’বাইল ফোন আৰু কিছু সামগ্ৰী লৈ উধাও হয়৷ ইতিমধ্যে চুৰি কাণ্ড সন্দৰ্ভত ঘৰৰ গৰাকীয়ে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও এতিয়ালৈ কোনো লোকক আটক কৰিব পৰা নাই৷