24
Mar
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/mosul-22-march-2017%20%281%29.jpg?itok=5QW316Xu)
ৱাশ্চিংটনঃ আইছিছক মষিমুৰ কৰাই আমেৰিকাৰ প্ৰথম লক্ষ্য৷ সমগ্ৰ বিশ্বৰে আতংকৰ কাৰণ হৈ পৰা আইছিছক নিৰ্মুল কৰা প্ৰথম উদ্দেশ্য হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ৷ কালি আমেৰিকা তথা ৬৮ খন দেশৰ যৌথ সেনাবাহিনীয়ে ইৰাকৰ মছুলত আকাশমাৰ্গেৰে আক্ৰমণ চলায়৷
এই আক্ৰমণত প্ৰায় ২০৯ লোকৰ মৃত্যু হয়৷ মছুল আইছিছৰ এক প্ৰধান ঘাটি হিচাবে বিবেচিত হৈছিল৷ আনহাতে আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰেক্স টিলৰচনে এই যৌথ সেনাবাহিনীৰ সৈতে হোৱা প্ৰথম সাক্ষ্যাতকাৰত কয় যে আইছিছক ধূলিস্যাৎ কৰাই আমেৰিকাৰ প্ৰথম লক্ষ্য৷