![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Budget%20Nirmala.jpg?itok=A7oNv1pt)
নতুন দিল্লীঃ নতুন বিত্তীয় বৰ্ষৰ বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে বৃহৎ সকাহ কঢ়িয়াই আনিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পূৰ্বে তেওঁ মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ আশ্বাস দিয়ে। ইয়াৰ পিছতে সংসদৰ অধিৱেশনৰ দ্বিতীয় দিনটোত পূৰ্ণাংগ বাজেট দাখিল কৰি ১২ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাইৰ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। অৱশ্যে এই বাজেটত উদ্যোগ আৰু বিনিয়োগকাৰীৰ বাবে কোনো বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।
ইতিমধ্যে দেশৰ অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ হৈ পৰিছে। চৰকাৰী পূৰ্বাভাস অনুসৰি চলিত বিত্তীয় বৰ্ষত বৃদ্ধি ৬.৪ শতাংশত সীমাবদ্ধ থাকিব, যিটো চাৰি বছৰৰ ভিতৰত সৰ্বনিম্ন। অৰ্থনীতিবিদৰ এটা অংশৰ মতে, মনমোহন সিং আৰু অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত সংস্কাৰৰ তুলনাত এই বাজেট অতি সহজ। বৃহৎ উদ্যোগিক কোম্পানীসমূহৰ বাবে কোনো নতুন নিৰ্দেশনা প্ৰদান নকৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে বিত্তমন্ত্ৰীগৰাকী।
বজাৰৰ লগত সংগতি ৰাখি আগবাঢ়ি যোৱাৰ বাৰ্তা নিৰ্মলাই দিছে যদিও মূল্যবৃদ্ধিৰ হেঁচাত ভুগি থকা সাধাৰণ জনতাক সকাহ দিব পৰাকৈ এই বাজেটত বিশেষ একো নাই। যদিও খাদ্য, শিক্ষা, স্বাস্থ্য সেৱাৰ ব্যয় বৃদ্ধি পাইছে, তথাপিও বিত্তমন্ত্ৰীয়ে কোনো নিৰ্দিষ্ট সমাধান দেখুৱাব পৰা নাই। অৰ্থনৈতিক জৰীপৰ প্ৰতিবেদনখনে নিজেই স্বীকাৰ কৰিছে যে খাদ্যৰ মুদ্ৰাস্ফীতি যথেষ্ট চিন্তনীয়। কিন্তু মুদ্ৰাস্ফীতিৰ চাপ আৰু অধিক বৃদ্ধি কৰিব পৰা কোনো সিদ্ধান্ত তেওঁ লোৱা নাই বাজেটত। বাজেটত দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়নৰ কোনো ডাঙৰ পৰিকল্পনাও ঘোষণা কৰা হোৱা নাই।
শনিবাৰে সংসদত বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে মধ্যবিত্ত শ্ৰেণীয়েই দেশৰ অৰ্থনীতিৰ ভেটি, গতিকে চৰকাৰে তেওঁলোকৰ প্ৰতি বিশেষ গুৰুত্ব দিছে। আয়কৰ ৰেহাইৰ উপৰিও তেওঁ কৃষক, মহিলা, আৰু ক্ষুদ্ৰ উদ্যোগৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্প ঘোষণা কৰিছে। ‘প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনা’ৰ অধীনত দেশৰ ১.৫ কোটি কৃষকক সুবিধা প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে। বাজেটত শস্য মজুতকৰণ, জলসিঞ্চন ব্যৱস্থা শক্তিশালী কৰা, হ্ৰস্ব আৰু দীৰ্ঘম্যাদী ঋণৰ বাবে উৎসাহিত কৰা, আনকি খোৱা তেল আৰু দালিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ বাবে ছবছৰীয়া অভিযান আৰম্ভ কৰাৰ কথাও উল্লেখ কৰা হৈছে। বিহাৰত মাখনা উৎপাদনৰ প্ৰসাৰৰ বাবে বিশেষ ব’ৰ্ড গঠনৰ কথা ঘোষণা কৰা হৈছে।
কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণৰ পৰিমাণ ৩ লাখৰ পৰা ৫ লাখলৈ বৃদ্ধি কৰা হৈছে। কপাহ খেতি বৃদ্ধিৰ বাবে পাঁচ বছৰীয়া পৰিকল্পনা গ্রহণ কৰাৰ বিপৰীতে বিত্তমন্ত্রীয়ে বস্ত্ৰ উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে ‘কপাহ উৎপাদনশীলতা অভিযান’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে৷ একেদৰে মহিলাসকলৰ বাবেও কেইবাটাও নতুন পদক্ষেপ ঘোষণা কৰা হৈছে এইবাৰৰ বাজেটত। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ পাঁচ লাখ মহিলা উদ্যোগীয়ে লাভ কৰিব দুই কোটি টকা পৰ্যন্ত ঋণ। অংগনবাড়ী আঁচনিৰ অধীনত মহিলাসকলৰ বাবে এক বিশেষ পুষ্টি আঁচনি ঘোষণা কৰা হৈছে।
ইফালে, বৃহৎ উদ্যোগৰ বাবে কোনো ডাঙৰ ঘোষণা কৰা হোৱা নাই যদিও ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে একাধিক সুবিধা ঘোষণা কৰা হৈছে। ক্ৰেডিট গেৰাণ্টী কভাৰ ৫ কোটি টকাৰ পৰা ১০ কোটি টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। ক্ষুদ্ৰ উদ্যোগৰ বাবে ৫ লাখ টকা পৰ্যন্ত কাষ্টমাইজড ক্ৰেডিট কাৰ্ড মুকলি কৰা হ’ব। বিত্তমন্ত্ৰীগৰাকীয়ে হকাৰসকলৰ বাবে ইউপিআই লিংকড ক্ৰেডিট কাৰ্ড প্ৰদানৰ কথাও ঘোষণা কৰে।
অন্যহাতে, এই বাজেটত স্বাস্থ্য খণ্ডত ডাঙৰ ডাঙৰ ঘোষণা কৰা হৈছে। অহা পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়ৰ আসনৰ সংখ্যা ৭৫ হাজাৰ আৰু আগন্তুক বিত্তীয় বৰ্ষত ১০ হাজাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। সকলো জিলা চিকিৎসালয়তে কেন্সাৰ চেণ্টাৰ নিৰ্মাণ কৰা হ’ব, তিনি বছৰত মুঠ ২০০০ কেন্সাৰ চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ভাৰতৰ বিমান সেৱা আৰু অধিক উন্নত কৰাৰ বাবে ১২০টা নতুন বিমানবন্দৰ নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছে।
বাজেটত বিহাৰত একাধিক নতুন বিমানবন্দৰ নিৰ্মাণ, পাটনা বিমানবন্দৰ সম্প্ৰসাৰণ, আৰু চাৰিটা গ্ৰীণফিল্ড বিমানবন্দৰৰ কথা ঘোষণা কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ বাবে ৫ বিলিয়ন টকা ব্যয় সাপেক্ষে ‘চেণ্টাৰ ফৰ এক্সেলেন্স’ স্থাপন কৰা হ’ব। বাজেটত ২০১৪ চনৰ পিছত নিৰ্মাণ কৰা ৫টা আই আই টিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধন আবণ্টন দিয়া হৈছে।
লক্ষ্যণীয় যে, এই বাজেটত জীৱনদায়িনী ঔষধ সন্দৰ্ভত স্বাস্থ্য খণ্ডত এক বৃহৎ ঘোষণা কৰা হৈছে। কেন্সাৰকে ধৰি দুৰাৰোগ্য ৰোগৰ ৩৬বিধ জীৱনদায়িনী ঔষধৰ ওপৰত কৰ ৰেহাই দিয়া হৈছে। ৬বিধ ঔষধৰ ওপৰত ৫ শতাংশ শুল্ক প্ৰত্যাহাৰ কৰা হৈছে। তদুপৰি নগৰ অঞ্চলত অস্থায়ী শ্ৰমিকৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰিছে এক বিশেষ সামাজিক সুৰক্ষা আঁচনি। অনলাইন ডেলিভাৰী কৰ্মীৰ বাবে চৰকাৰী পৰ্টেলত পৰিচয় পত্ৰ পঞ্জীয়ন ঘোষণা কৰা হৈছে।
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, অহা সপ্তাহত সংসদত নতুন আয়কৰ বিধেয়ক দাখিল কৰা হ’ব, যিটো কৰদাতাসকলৰ বাবে অধিক সুবিধাজনক হ’ব। ইয়াৰ উপৰিও বীমাত ১০০ শতাংশ পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়াৰ কথাও ঘোষণা কৰা হৈছে। জ্যেষ্ঠ নাগৰিকক সকাহ দিবলৈ ৬০ বছৰৰ ওপৰৰ সকলৰ বাবে মানক কৰ্তন ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় সঞ্চয় আঁচনিৰ বাবেও কৰ ৰেহাই ঘোষণা কৰা হৈছে।সামগ্ৰিকভাৱে মধ্যবিত্ত শ্ৰেণী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে কিছু সকাহ পোৱা গৈছে যদিও বিশেষজ্ঞসকলৰ মতে এই বাজেট বৃহৎ পৰিসৰৰ উদ্যোগ, বিনিয়োগ, আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কিছু সীমিত। নিৰ্মলাৰ বাজেটৰ অধীনত ভাৰতীয় অৰ্থনীতিৰ ভৱিষ্যত কেনেকুৱা হ’ব সেয়া সময়েহে ক’ব।