![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/249dc0db-2eff-41c9-9765-c7b6d242e167.jpg?itok=pRTzR43K)
বাঘবৰঃ বাঘবৰৰ বিধায়কক বিচাৰি হায়ৰাণ সমষ্টিৰ জনসাধৰণ৷ বহুবল্কী বিধায়ক শ্বেৰমান আলী আহমেদক বিচাৰি ৰাইজে হাবাথুৰি খাইছে যদিও বিধায়কগৰাকীৰ ছাঁ টোকে দেখা নাই ৰাইজে৷
বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ প্ৰায় শতাধিক গাওঁ বানৰ কবলত পৰিছে যদিও বিধায়ক শ্বেৰমানে খৱৰ নোলোৱাৰ অভিযোগ উঠিছে । ব্ৰহ্মপুত্ৰ নদী আৰু বেঁকী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বাঘবৰ ৰাজহ চক্ৰৰ শতাধিক গাঁও।
গাঁওসমূহৰ পৰিয়ালবোৰৰ ঘৰ-বাড়ী, বিদ্যালয়গৃহ পানীয়ে বুৰাই পেলাইছে। বানত প্লাৱিত হৈছে বাঘবৰৰ শিলোচী পাথাৰ, বালাজান, সেউৰাভিটা, মৰাভাজ, সাতমূখী ৰামাপাৰা, সোণাবাড়ী, সত্ৰকণৰা ১২, ১৩, ১৪ আৰু ১৫ নং ছিট আদি ঠাই।
বাঘবৰৰ প্ৰায়বোৰ বাট-পথ পানীত ডুব যোৱাৰ উপৰিও বানে উটুৱাই নিছে বহু বাট-পথ। ফলত তুলুঙা নাৱৰে বিপদসংকুল ভাবে যাতায়ত অব্যাহত ৰাখিছে ৰাইজে। খাদ্য সংকটত পৰিছে পশুধন। বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। ইমানৰ পিছতো বিধায়ক শ্বেৰমানে এবাৰো খবৰ ল'বলৈ উপস্থিত নোহোৱাত ক্ষোভত ফাটি পৰিছে বানাক্ৰান্ত ৰাইজ।