27
May
2017
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/zika-759.jpg?itok=3beb9H_S)
ডিজিটেল ডেস্কঃ বিশ্ব স্বাস্থ্য সন্থাই ভাৰতত ধৰা পেলাইছে জিকা ভাইৰাছৰ তৃতীয়জন ৰোগী। আহমেদাবাদ চহৰত এই তৃতীয়টো ঘটনা ধৰা পেলাবলৈ সক্ষম হৈছে সংস্থাটো।
চহৰখনৰ বাপুনগৰ এলেকাতে এনেদৰে জিকা ভাইৰাছৰ সংক্ৰমণ ঘটা কথাটো সংস্থাই নিশ্চিত কৰিছে।
উল্লেখ্য যে ইয়াৰে আগেয়ে চলিত বৰ্ষৰে জানুৱাৰীত এগৰাকীয় গৰ্ভৱতী মহিলাৰ দেহত ধৰা পৰিছিল জিকা ভাইৰাছ।
পৰীক্ষাগাৰত এই ভাইৰাছ ধৰা পৰাটো নিশ্চিত কৰি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৱেবচাইটত উল্লেখ কৰা হৈছে।