News Next One , বিশ্বনাথ চাৰিআলি ,১৫ ছেপ্তেম্বৰঃ অলপতে শোণিতপুৰ জিলাৰ কাৱৈমাৰীত অসম চাওঁতালী সাহিত্য পৰিষদৰ সাধাৰণ সভা এখন অনুষ্ঠিত হৈ যায় ৷ কেন্দ্ৰীয় সভাপতি ডম্বৰুধৰ চৰেণ’ৰ সভাপতিত্বত অনুষ্ঠিত হোৱাৰ সভাৰ আঁত ধৰে প্ৰধান সম্পাদক ৰমেশ চন্দ্ৰ চৰেণে ৷ সভাৰ কাৰ্যসুচী অনুসৰি চিনাকী পৰ্ব, সম্বৰ্দ্ধনা , আৰু জাতীয় শ্বহীদ সকলৰ প্ৰতি একমিনিট সময় মৌণ প্ৰাৰ্থনা কৰা হয় ৷ তৎপশ্চাৎ মুল কাৰ্যসুচীৰ ওপৰত আলোচনা কৰা হয় ৷ সেই অনুসৰি চাওঁতালী সকলৰ নিজৰ ভাষা, লিপি ,সাহিত্য , কলা কৃষ্টি, সংস্কৃতি ৰক্ষা কৰাৰ ওপৰত আলোকপাত কৰাৰ লগতে অসমত চাওঁতাল জনগোষ্ঠীৰ সাহিত্যক প্ৰতিফলিত কৰিব পৰাকৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহন কৰা হোৱা নাই বুলিও সভাখনে আক্ষেপ প্ৰকাশ কৰে ৷ আনকি চাওঁতালী সকলৰ নিজস্ব অলচিকি লিপিয়ো আজি লুপ্ত হোৱাৰ দিশত ৷ সংবিধানৰ অষ্টম মৰ্যদা পোৱা লিপিক উদ্ধাৰ কৰিবৰ বাবে চাওঁতালী দল সংগঠনে কোনো ধৰণৰ উদ্যোগ গ্ৰহন কৰা নাই বুলি সাহিত্যনুৰাগী সকলে উদ্বেগ প্ৰকাশ কৰে ৷ সেয়েহে অসম চাওঁতালী সাহিত্য পৰিষদখনে চাওঁতালী সকলৰ নিজস্ব অলচিকি লিপিৰে সাহিত্য সৃষ্টিৰ মানস কৰি কাম কৰি যাব বুলি সভাত সকলোৱে মতব্যস্ত কৰে ৷ ইয়াৰ উপৰিও চাওঁতাল জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিক দিশত অতিকৈ চহকী ৷
অসমত সাহিত্য সংস্কৃতিৰ দিশত টনকিয়াল কৰিব পৰা চাওঁতাল জনগোষ্ঠীৰ মাজত যথেষ্ট উৎস থকাৰ কথা আলোচনা কৰি পৰিষদখনে অসমত থকা চাওঁতাল জনগোষ্ঠীটোৰ সাহিত্যক সঠিক ৰূপত উপস্থাপন কৰাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি যাব বুলি দৃঢ় সংকল্পবদ্ধ হয় ৷ লগতে সাংগঠনিক দিশত জিলা সমিতি সমুহ গঠন কৰিবৰ বাবে চলিত মাহৰ পৰাই আৰম্ভ কৰিব বুলি সভাত সিদ্ধান্ত গ্ৰহন কৰে ৷ তদুপৰি অসমৰ শৈক্ষিক নীতিৰ আধাৰত অলচিকি লিপিক অন্তভুক্তিৰ বাবে চৰকাৰক দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহন কৰে ৷ সভাত আলোচক হিচাবে গাব্ৰিয়েল মুৰ্মু , মিন্টু হেমৰম , কৰ্ণেশ্বৰ বেশ্ৰা , ভোলানাথ মাঝি , হৰিচন্দ্ৰ টুডু ,কুৰ্বেশ্বৰ মাৰাণ্ডী ,স্বপন বেশ্ৰাকে প্ৰমুখ্য কৰি বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি সকলে অংশ গ্ৰহন কৰে ৷সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই অসম চাওঁতালী সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক বিজয় টুডুয়ে ৷

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৷