খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়াত মঙলবাৰে নিশা চাৰি জুৱাৰীক আটক কৰে আৰক্ষীয়ে৷ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত খাৰুপেটীয়াৰ ওচৰৰ নিমতলিত অভিযান চলাই কালি নিশা নগদ টকা সহ চাৰিজন দুৰ্ধৰ্ষ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়৷ 

জুৱাৰী কেইজন খাৰুপেটীয়াৰ আহেদ আলী, ঘনশিমলু গাঁৱৰ ৰমজান আলী, নিমতলিৰ জিয়াৰুল হক আৰু দলগাঁৱৰ জুনাইদ হুছেইন বুলি জানিব পৰা গৈছে৷