![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/8290aea1-c510-4a4a-b20f-a37d8b62236e%20%281%29.jpg?itok=QbPHZbV-)
গুৱাহাটীঃ শোণিতপুৰ জিলাৰ পৰিবহন বিষয়া প্ৰসেনজিত ঘোষক মঙলবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হয়৷ সোমবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰি অনা বহু বিতৰ্কিত বিষয়াগৰাকীক আদালতে ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷
অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰসেনজিত ঘোষক অসম আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় জিলা আৰক্ষীয়ে মঙলবাৰে বিশেষ আদালতত হাজিৰ কৰি তদন্তৰ খাতিৰত জিম্মাত বিচাৰিছিল৷
বিশেষ আদালতে ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে ঘোষক৷ ডিব্ৰুগড় আৰক্ষীয়ে মঙলবাৰে ঘোষক লৈ ডিব্ৰুগড় জিলালৈ ৰাওঁনা হয় বুলি জানিব পৰা গৈছে৷
ৰাকেশ পালৰ দিনত কৰ পৰিদৰ্শকৰ পৰা নিশাৰ ভিতৰতে পৰিবহন বিষয়া হোৱা ৰাকেশ পালৰ ভাগিন প্ৰসেনজিৎ ঘোষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোমবাৰে দিনৰ ভাগত৷ শোণিতপুৰৰ জিলা পৰিবহন বিষয়া হিচাপে যোগদান কৰাৰ কেইটামান দিনৰ পিছতেই ডিব্ৰুগড় আৰক্ষীয়ে প্ৰসেনজিত ঘোষক গ্ৰেপ্তাৰ কৰে৷
কয়লা ছিণ্ডিকেটৰ সৈতে জৰিত বুলি চৰ্চিত প্ৰসেজিৎ ঘোষ অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰীত জৰিত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল৷ বিষয়াগৰাকীৰ বিৰুদ্ধে পূৰ্বৰে পৰা তদন্ত অব্যাহত আছিল৷ শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন সভাত ব্যস্ত থকাৰ সময়তে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আহে ঘোষক।
গুৱাহাটীৰ কাহিলীপাৰৰ অসম আৰক্ষীৰ বিশেষ শাখাত ৰাখি জেৰা চলাই ঘোষক। বক্ৰ পথেৰে নিজ পত্নী প্ৰীতিক ACS আৰু বহু লোকক এপিএছচিৰ চাকৰি দিয়া বুলি অভিযোগ উত্থাপন হৈ আহিছিল প্ৰসেনজিত ঘোষৰ বিৰুদ্ধে৷ বিতৰ্কিত প্ৰসেনজিৎ ঘোষে কামৰূপ মহানগৰৰ দৰে জিলাত পৰিবহন বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল ৰাকেশ পালৰ কৃপাতে৷ পৰবিহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱীৰীৰ সাঁচ বুলি চৰ্চিত ঘোষে কয়লাৰ ব্যৱসায়ৰ সৈতে জৰিত বুলিও অভিযোগ উত্থাপন হৈছিল৷
ইমানে নহয় বিগত মাৰ্চ মাহত CID-এ মহানগৰীৰ মাজমাজিয়াৰ বশিষ্টত ধৰিছিল কয়লা ভৰ্তি ট্ৰাক৷ CIDৰ তদন্তত কয়লা ব্যৱসায়ত একাংশ পৰিবহণ বিষয়া আৰু কয়লা ছিণ্ডিকেটৰ মাজৰ সম্পৰ্ক থকাৰ কথা তদন্তত ওলাই পৰিছিল৷
অভিযোহ উত্থাপন হোৱা পৰিবহন বিষয়াসকলক জেৰাৰ বাবে CIDৰ কাৰ্যালয়লৈ আহিব দিছিল যদিও নিৰ্দেশ অমান্য কৰি অগ্ৰিম জামিন আৱেদন কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত। CID-এ কামৰূপ মহানগৰৰ পৰিবহন বিষয়া প্ৰসেনজিত ঘোষক জেৰা কৰে। কয়লা ছিণ্ডিকেটৰ বিতৰ্কৰ পিছতেই ঘোষক শোণিতপুৰ জিলালৈ বদলি কৰা হৈছিল।