newsnextone.com | গুৱাহাটীঃ বুধবাৰে কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ আহিল ২০১৬ চনৰ ১৯ গৰাকী APS-ACS৷ বুধবাৰে পুৱাৰে পৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ একপ্ৰকাৰ লানি লাগে APS-ACSৰ৷ বিলাসী গাড়ীত উঠি আহি লাজ অভিমান কাটি কৰি কাৰ্যালয়ত সোমাই বিষয়াসকলে৷ ডিব্ৰুগড় আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উচ্চ পদস্থ বিষয়াই কাৰ্যালয়ৰ এটা কোঠাত এজন এজনকৈ সোধ-পোছ কৰাৰ লগতে হস্তাক্ষৰৰ নমুনা গ্ৰহণ কৰা বুলি জানিব পৰা হৈছে৷

২০১৬ বৰ্ষৰ ACS-APSৰ বিৰুদ্ধে এইবাৰ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ১৯গৰাকী ACS-APSক চমন জাৰি কৰিছিল যোৱা যোৱা ১০ জুলাইৰ পৰা৷ অসম লোকসেৱা আয়োগে ২০১৬ চনত পৰীক্ষা অনুষ্ঠিত কৰি ৰাজপত্ৰিত বিষয়া হিচাপে নিয়োগ কৰিছিল বিষয়াকেইজনক৷ উক্ত সময়ত অসম লোকসেৱা আয়োগেৰ অধ্যক্ষ আছিল ৰাকেশ পাল৷ আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ে অহা ১৮ জুলাইত কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত আটাইকেইজন বিষয়াক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল৷ 

আৰক্ষীৰ নিৰ্দেশ মৰ্মে গণেশ চন্দ্ৰ দাস, শ্ৰাৱন্তী সেন গুপ্তা, দীক্ষিতা ফুকন আৰু লীনা কৃষ্ণ কাকতি, গুলছন দাউলাগাপু, পল্লবী শৰ্মা, ভাৰ্গৱ ফুকন, সুৰঞ্জীতা হাজৰিকা, উত্পল ভূঞা, বৰ্ণালী দাস, সুখভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰণপী, মোস্তাফা আহমেদ বৰভূঞা, ছাইবুৰ ৰহমান বৰভূঞা, ঋতুৰাজ নেওগ আৰু নিপন কুমাৰ পাঠকক চমন জাৰি কৰে অসম আৰক্ষীয়ে৷ ইয়াৰে কেইবাগৰাকী অসমৰ বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ সৈতে ভাল সম্পৰ্ক থকা প্ৰভাৱশালী পৰিয়ালৰ সন্তানো আছে৷ ইমানে তেজপুৰৰ বহুবল্কী সাংসদ আৰপি শৰ্মাৰ কন্যা পল্লবী শৰ্মাও আহে কাহিলিপাৰালৈ৷

আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়লৈ আহি হস্তাক্ষৰ চিহ্নৰ নমুনা আৰক্ষীৰ সন্মুখত প্ৰদান কৰাৰ লগতে ACS-APS বিষয়াসকলক সোধ-পোছো কৰে আৰক্ষীয়ে৷

উল্লেখ্য যে, বক্ৰ পথেৰে চাকৰি লৈ ২৫ গৰাকীকৈ APS-ACS-এ জেলত থাকিব লগা হোৱাৰ সময়তে এইবাৰ ১৯গৰাকীকৈ APS-ACSক জেৰা কৰিবলৈ সাজু হয় অসম আৰক্ষী৷ ২০১৭ বৰ্ষৰ ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ২৫গৰাকী APS-ACSক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ জালত পৰি জেলত সময় অতিবাহিত কৰিব লগা হৈছে৷

০৮ নৱেম্বৰৰ পুৱাৰ পৰা চলা অভিযানত ACS–APSক সকলক আটক কৰাৰ লগতে বিয়াগোম কেলেংকাৰীৰ তদন্ত এতিয়াও চলি আছে৷ নিশামণি ডেকা, ৰাকেশ গুপ্তা, ৰুমী শইকীয়া, ৰাজৰ্ষি ডেকা, সুনয়না আইদেউ, গীতালি দলে, কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰী, দিলীপ কলিতা সহ ২৫গৰাকী জালত পৰে৷ ২০১৫-১৬ বৰ্ষত ৩৮২ গৰাকী ACS-APS সংলগ্ন সেৱাৰ বিষয়া বাছনি কৰিছিল তেতিয়াৰ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালে৷

ইয়াৰে প্ৰায় সংখ্যক বিষয়াক অবৈধ তথা ব্যাপক জালিয়াতিৰে নিৰ্বাচন কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ কৃষক নেতা অখিল গগৈৰ লগতে ৰাজ্যৰ একাংশ দল-সংগঠনে এই তদন্তৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তুলিছিল৷ তাৰ পাছতে এগৰাকী মহিলাৰ জড়িয়তে এই দুৰ্নীতিৰ ৰহস্য ফাদিল হৈছিল৷ প্ৰথম পৰ্যায়ত অসম আৰক্ষীয়ে তদন্ত কৰি তিনিগৰাকী বিষয়াক চিনাক্ত কৰিছিল৷ তাৰ পৰবৰ্ত্তী সময়ত ২৫ গৰাকী বিষয়াক তদন্তৰ আওতাত লয় আৰক্ষীয়ে৷

২৫ গৰাকী ACS-APS পৰীক্ষাৰ উত্তৰ বহী ফৰেনছিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰে৷ বিজ্ঞানগাৰৰ পৰা পৰীক্ষাৰ পেপাৰৰ ফলাফল অহাৰ পিছতে সস্তম হৈ পৰিছিল ডিব্ৰুগড় জিলাৰ আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখা৷ ০৮ নৱেম্বৰৰ পৰা (মঙলবাৰে) নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে ২৫ গৰাকী ACS-APSৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷