![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/download_75.jpg?itok=f8wVpfUB)
গুৱাহাটীঃ মহানগৰীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল পথাৰৰ বাকৰিত শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব উত্তৰ পূৱ গ্ৰন্থমেলা। যাৰ বাবে ওখল মাখল পৰিৱেশ চানমাৰীৰ অসম অভিযান্ত্ৰিক খেল পথাৰ। এইবেলি ঊনবিংশতম বৰ্ষত ভৰি দিলে উত্তৰ পূৱ গ্ৰন্থমেলাই। ১৯ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা উদ্বোধন কৰিব বিয়লি ৪ বজাত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, যশস্বী অভিনেতা ভিক্টৰ বেনাৰ্জী আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বাংলাদেশৰ প্ৰকাশক মাজহাৰুল ইছলামে।
৩ নৱেম্বৰ-১৪ অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক গ্ৰন্থমেলাৰ সভাপতি অজিত কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, মুখ্য উপদেষ্টা গিৰিপদ দেৱচৌধুৰী, প্ৰচাৰ সমিতিৰ সভাপতি বিমল কুমাৰ হাজৰিকা আৰু উপ-সভাপতি ৰাণী গোঁহাইয়ে সকলো ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি কামনা কৰে।
গ্ৰন্থমেলাত দেশৰ বিভিন্ন ঠাইৰ লগতে বাংলাদেশৰো প্ৰকাশক প্ৰতিষ্ঠানে যোগদান কৰিব। গ্ৰন্থমেলাত পোন প্ৰথমবাৰৰ বাবে পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়াই নিজাববীয়াকৈ কিতাপৰ বিক্ৰী কেন্দ্ৰ মুকলি কৰিব।
৫০ লাখ টকাৰ বাজেটৰ এইবাৰ মেলাত ১৭৫ খন বিপনীয়ে থাকিব। য'ত মুঠ ৭১ টা থলুৱা প্ৰকাশন গোষ্ঠীৰ বিপনী থকাৰ লগতে আনবোৰ বহিঃৰাজ্য আৰু বিদেশৰ পৰা আহি অংশ লব৷
গ্ৰন্থমেলাৰ বাকৰি উচৰ্গা কৰিছে প্ৰয়াত বিশিষ্ট সাহিত্যিক, নাট্যকাৰ অৰুণ শৰ্মা আৰু সাংবাদিক ৰাধিকামোহন ভগৱতীৰ সোঁৱৰণত। মুকলি মঞ্চ উচৰ্গা কৰিছে কহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰ আৰু বিশিষ্ট অভিনেতা আব্দুল মজিদৰ সোঁৱৰণত৷