নাওকাটা/ডিমাকুছিঃ সুকীয়া কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে আজি পুৱাৰে পৰা আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰে উত্তৰ পূৱ বাক্সাত।
নাওকাটা, সুৱাগপুৰ, বাঙালীপাৰা নাগ্ৰিজুলি, বগামাটি আদি অঞ্চলত বন্ধৰ কালছোৱাত ব্যৱসায়িক প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান, যান-বাহন চলাচল বন্ধ থাকে৷ নাওকাটাৰ ৰাজপথত বন্ধৰ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ আৰু ট্ৰাইবেল সংঘ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
আক্ৰাছু নেতা শংকৰ ৰাজবংশীয়ে ট্ৰাইবেল সংঘক সকিয়নি দি ভৱিষ্যতে জনগোষ্ঠীটোৰ জনজাতিকৰণ তথা কমতাপুৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত বিৰুদ্ধাচৰণ নকৰিবলৈ কৈ সংঘৰ বিৰুদ্ধে মুকলি যুদ্ধত অৱতীর্ণ হৱ বুলি স্পষ্টকৈ উল্লেখ কৰে।
অৱশ্যে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতে নাওকাটাত পুৱ ডেফেলী আক্ৰাছুই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষী উপস্থিত হোৱাত বন্ধ সমৰ্থকসকল আঁতৰি যায়৷
আনহাতে কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰা আৰু সুকীয়া কমতাপুৰ ৰাজ্য গঠনৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ভেৰগাঁৱ মহকুমাতো পৰা দেখা যায়৷
বন্ধৰ সময়ছোৱাত মহকুমা সদৰ ভেৰগাঁওৰ লগতে টংলা, কলাইগাঁও, খৈৰাবাৰী, পানেৰী, ডিমাকুছি, আটাৰীখাট, ঘাগ্ৰা আদি অঞ্চলত দোকান-পোহাৰ, বিওীয় প্ৰতিষ্ঠান, স্কুল-কলেজ বন্ধ থকাৰ লগতে সৰু-বৰ যানবাহনৰো চলাচল বন্ধ থাকে৷ বন্ধৰ সময়ছোৱাত ভেৰগাঁৱত একাংশ বন্ধ সমৰ্থকে শিলগুটি নিক্ষেপ কৰি এখন ট্ৰাকৰ ক্ষতিসাধন কৰে৷