
গুৱাহাটীঃ অপেক্ষাৰ অন্ত পেলাই অহা ২৫ মে'ত ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিকৰ ২০১৯ বর্ষৰ চূড়ান্ত ফলাফল।পৰীক্ষাৰ শেষ হোৱাৰ ৭১ দিনৰ ভিতৰত এইবাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।ইতিমধ্যে এই বিষয়ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে।
উল্লেখ্য যে, ২৫ মে'ৰ পুৱা ৯ বজাত ঘোষণা কৰিব লগা ফলাফল প্ৰতি গৰাকী পৰীক্ষাৰ্থীয়ে যাতে সহজতে লাভ কৰিব পাৰে তাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল ঘোষণা বাবে নিৰ্দিষ্ট কৰিছে ১৩ টাকৈ ৱেবচাইটৰ।
ছাত্ৰ-ছাত্ৰীয়ে উক্ত দিনটোত সহজে নিজৰ ফলাফল লাভ কৰিব পৰা ৱেবচাইট কেইটা হৈছেঃ - hsinfo.in, ahsec.nic.in, indiaresults.com, knowyourresult.com , examresults.net, results.shiksha, exametc.com, schools9.com, assamresults.in, iresults.net, eduassam.com, assam.shiksha, assamonline.in এই আটাইকেইটা ৱেবচাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল। ইয়াৰ উপৰিও Via app নামৰ এটা মোবাইল এপ'ছ জৰিয়তেও ছাত্ৰ-ছাত্ৰীয়ে ফলাফল লাভ কৰিব পাৰিব। তাৰ বাবে গুগোল প্লে' স্তৰৰপৰা নিৰ্দিষ্ট এপ'চতো নিজৰ মোবাইলত ডাউনলোড কৰি পৰীক্ষাৰ এডমিতত থকা ৰেজিষ্ট্ৰেচন নম্বৰ আৰু নিজৰ ৰোল নম্বৰ টাইপ কৰি লাভ কৰিব পাৰিব ফলাফলসমূহ৷
এইবাৰ ৰাজ্যৰ মুঠ ২,৪২,৮৪৩ গৰাকীৰ পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীন হৈছে। ইয়াৰ ভিতৰত ১,৮৬,১৮৭ গৰাকী কলা শাখাত, ৩৭,৪৫৫ গৰাকী বিজ্ঞান শাখাত, ১৮,২৯১ গৰাকী বাণিজ্যিক শাখাত আৰু ৯১০ গৰাকী কাৰিকৰী শাখাত অৱৰ্তীন হৈছে। একেদৰে এইবাৰ পৰীক্ষাৰ মুঠ ৭৭২ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল। লগতে পৰীক্ষা বহী সমূহৰ মূল্যাংকন ৪৮ টা জ’নত সম্পূৰ্ণ কৰা হৈছিল।