ডিজিটেল ডেস্কঃ ডামিনী বোলছবিৰ ছানী দেউলৰ সেই বিখ্যাত ‘তাৰিখ পে তাৰিখ’ সংলাপতো নিশ্চয় সকলোৰে মনত আছে৷ দেশৰ ন্যায় ব্যৱস্থাও তেনেকুৱা বুলি অভিযোগ উত্থাপন হয়। তাৰিখৰ পিছত তাৰিখ দিয়াৰ ফলত বছৰ বছৰ ধৰি পৰি ৰয় গোচৰ৷ নিষ্পত্তিৰ কোনো নাম গোন্ধই নাথাকে৷ কেতিয়াবাতো কোনো গোচৰ নিষ্পত্তি কৰোতে ইমান সময় লাগে যে, গোচৰ দিওতা আৰু অভিযুক্তৰ মৃত্যু পৰ্য্যন্ত হয়৷ এই বিলম্ব পদ্ধতি লগত সমগ্ৰ দেশ পৰিচিত৷
কিন্তু এই ধাৰণা মুহুৰ্ততে সলাই পেলালে পাটনা উচ্চ ন্যায়লয়ে৷ বুধবাৰে এক ঐতিহাসিক নজিৰ সৃষ্টি কৰিলে পাটনা আদালতে৷ মাত্ৰ আঢ়ৈ ঘন্টাতে প্ৰায় ৩০০ গোচৰৰ ৰায় ঘোষনা কৰে বিচাৰপতি ৰবিৰঞ্জনে৷ ৩০০টা ভূমি সংক্ৰান্ত গোচৰৰ ২৮৯টা গোচৰ নিষ্পত্তি কৰে ৰবিৰঞ্জনৰ ন্যায়াধীশ মণ্ডলিয়ে৷ লগতে বাকী থাকে মাত্ৰ ১১ টা গোচৰ৷ অধিবক্তা উপস্থিত নথকাতহে বাকী ৰয় ১১টা গোচৰ৷