anitwitter
anitwitter

newsnextone.com | অৰুণাচলঃ অৰুণাচল প্ৰদেশত ভয়াবহ পথ দুৰ্ঘটনাত পতিত হয় এখন আইটিবিপি জোৱানৰ বাছ৷ পাহাৰৰ পৰা খহি অহা প্ৰকাণ্ড শিল বাছৰ ওপৰত পৰাত ৪গৰাকী আইটিবিপি জোৱানে প্ৰাণ হেৰুৱায়৷

অৰুণাচলৰ পাহাৰীয়ে এলেকা চিয়াং জিলাৰ লিকাবালিত প্ৰচণ্ড জোৰত বাছখনত খুন্দা মাৰে শিলটোৱে ফলত ৪গৰাকী জোৱানে প্ৰাণ হেৰুৱায়৷ ২০ জন জোৱান আছিল গাড়ীখনত৷ আন কেইজন জোৱানো গুৰুতৰ ভাৱে আহত হয়৷   

শুকুৰবাৰে সংঘটিত এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে অৰুণাচল আৰক্ষী, সেনা আৰু আইটিবিপি জোৱানে উদ্ধাৰ অভিযান চলাই। আহত জোৱান সকলক স্থানীয় হস্পিতালত ভৰ্তি কৰে।

জানিব পৰা মতে, দুৰ্ঘটনাত গুৰুতৰ ভাৱে ভাঘাতপ্ৰাপ্ত জোৱানত বিশেষ হেলিকপ্তাৰেৰে ডিব্ৰুগড় জিলালৈ অনা হয় উন্নত চিকিৎসাৰ বাবে।