newsnextone.com | গুৱাহাটীঃ ক্ৰমাৎ নিম্নগামী হৈছে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা একেৰাহে এটা পষেক ধৰি বৃদ্ধি হৈ থকা পেট্ৰল আৰু ডিজেলৰ মূল্য লাহে লাহে নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হৈছে৷ 

মূল্য বৃ্দ্ধিৰ ফলত সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল৷ সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ দ্বাৰা জুৰুলা হৈ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷ পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰী আৰু যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি হৈ পৰাও পৰিলক্ষিত হৈছিল৷ 

কিন্তু লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা দেখিবলৈ পোৱা গৈছে৷ এক পইচা দুপইচাকৈ প্ৰতিদিনে হ্ৰাস পোৱা পেট্ৰল-ডিজেলৰ দামে সাধাৰণ মানুহৰ মনত পুনৰ এবাৰ আশাৰ সঞ্চাৰ কৰি ক্ষোভৰ জুইকুৰা নুমুৱাবলৈ সক্ষম হৈছে।

শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰলত ২২ পইচা আৰু ডিজেলত ১৬ পইচা হ্ৰাস পাইছিল৷ শুকুৰবাৰে গুৱাহাটীত পেট্ৰল ৭৯.৬০ টকা আৰু ডিজেল ৭১.৬০ টকা দৰত উপলব্ধ হোৱাৰ পিছত শনিবাৰে পুনৰ হ্ৰাস পায় পেট্ৰল আৰু ডিজেলৰ মূল্য।

শনিবাৰে প্ৰতি লিটাৰ পেট্ৰলত ৪১ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৩২ পইচা হ্ৰাস পায়। ফলত শনিবাৰে মহানগৰীত পেট্ৰল ৭৯.১৯ টকা আৰু ডিজেল ৭১.২৮ টকা প্ৰতিলিটাৰ তদৰত উপলব্ধ হোৱা পৰিলক্ষিত হৈছে।