নতুন দিল্লীঃ অপ্ৰতিৰোধ্য মোদী। আপুনি মোদীৰ বিৰোধিতা কৰিব পাৰে, কিন্তু কোনো ক্ষেত্ৰতে তেওঁক বাধা দি ৰাখিব নোৱাৰে। যিমানেই বিতৰ্ক নহওক কিয়, বৰ্তমান সময়ত মোদী মোদীয়েই। ইয়াকে প্ৰমাণিত কৰি সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰক অতিক্ৰমি নাগৰিকৰ সৰ্বাধিক আস্থাভাজন চৰকাৰৰ স্বীকৃতি লাভ কৰিছে মোদী চৰকাৰে।

বিমুদ্ৰাকৰণ, জিএছটি, গো মাংস নিষিদ্ধকৰণ আদি অনেক বিতৰ্কই ভাৰতক জোকাৰি গ’লেও বিশ্ব প্ৰেক্ষাপটত পুনৰ উজলি উঠিছে মোদী চৰকাৰ৷ 'অৰ্গেনেনাইজেছন ফৰ ইক’নমিক কো-অপাৰেশ্যন এণ্ড ডেভলপমেন্ট’ৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ 

সমীক্ষাত কোৱা হৈছে যে দেশৰ ৭৩% নাগৰিকে নৰেন্দ্ৰ মোদী নেতৃতাধীন এন ডি এ চৰকাৰখনৰ প্ৰতি এতিয়াও আস্থাশীল৷ ভাৰতৰ পিছতেই ৬২% লোকৰ আস্থা আৰু বিশ্বাসেৰে তালিকাত দ্বিতীয় স্থান লাভ কৰিছে কানাডাৰ জাষ্টিন ট্ৰুডো চৰকাৰে৷ আনহাতে ৫৮% আস্থাৰে তালিকাত তৃতীয় স্থান দখল কৰিছে তুৰস্ক চৰকাৰে৷ 

সমীক্ষাটোত মাত্ৰ ৩০ শতাংশ আমেৰিকানেহে ড’নাল্ড ট্ৰাম্প চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। এই তালিকাৰ একেবাৰে তলত স্থান লাভ কৰিছে গ্ৰীচে৷ শৰণাৰ্থী, আৰ্থিক মন্দাৱস্থা ইত্যাদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চৰকাৰখনলৈ গ্ৰীচবাসীৰ মাত্ৰ ১৩ শতাংশইহে বিশ্বাস আৰু আস্থা প্ৰকাশ কৰিছে৷
  
উল্লেখ্য যে মোদী নেতৃতাধীন বিজেপি দল শাসনলৈ অহাৰ পিছতেই আৰম্ভ হৈছিল বহু বিতৰ্ক৷ আনকি চৰকাৰখনৰ বিৰুদ্ধে অসহিষ্ণুতাৰ অভিযোগ উত্থাপন কৰি বহু বুদ্ধিজিৱীয়ে আৰম্ভ কৰিছিল 'এৱাৰ্ড ৱাপছী’ৰ দৰে অভিযান৷ 

আনহাতে এই চৰকাৰৰ শাসনৰ সময়তে দেশত সংখ্যালঘু লোকসকল সঘনে হিংসাত্মক ঘটনাৰ বলি হৈছে বুুলি অভিযোগ উত্থাপিত কৰি আহিছে বিভিন্ন পক্ষই৷ তদুপৰি উক্ত ঘটনাৰ বাবে চৰকাৰৰ বিৰুদ্ধ বিৰোধী কংগ্ৰেছ, টিএমচিকে ধৰি বহুকেইটা দলে বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

পিছে এই সকলো দুৰ্ভাৱনা আতৰাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে 'অৰ্গেনেনাইজেছন ফৰ ইক’নমিক কো-অপাৰেশ্যন এণ্ড ডেভলপমেন্ট’ৰ সমীক্ষাত নাগৰিকৰ আস্থা আৰু বিশ্বাসৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰেত শীৰ্ষস্থান দখল কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। চৰকাৰখনৰ ৩ বছৰীয়া কাৰ্যকালৰ পিছতো ৭৩ শতাংশ নাগৰিকে বিশ্বাস আৰু আস্থা প্ৰকাশ কৰালৈ চাই ২০১৯ৰ নিৰ্বাচনৰ পূৰ্বে শংকিত হৈ পৰিছে বিৰোধীদলসমূহ। 

অৱশ্যে একাংশ লোকে সংস্থাটোৱে কি ভিত্তিত সমীক্ষা কৰিছে সেই লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে সমীক্ষাৰ উক্ত ফলাফল বিশ্বাসযোগ্য নহয় বুলিও মত পোষণ কৰা দেখা গৈছে।

• Source: NDTV • Times of India •