newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ২২২ খন আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ৯৯ খন আসনত জয়ী হৈছে। আনহাতে ৫ খন আসনত আগবাঢ়ি আছে বিজেপিয়ে৷ কংগ্ৰেছে এতিয়া লৈ ৭১ খন আসনত জয়ী হোৱাৰ লগতে ৭ খন আসনত আগবাঢ়ি আছে৷ জেডিএছে ৩৩ খন আসনত জয়ী হোৱাৰ লগতে ৫ খন আসনত আগবাঢ়ি আছে৷
জেডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে বিজেপি আগবাঢ়িছে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ আশা ক্ষীণ দেখা গৈছে৷ কিন্তু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰা পিছ পৰি ৰ’ব বুলি কৰা অনুমান সঁচা হৈছে৷
পূৰ্বাঅনুমান অনুসৰি জেডিএছে কৰ্ণাটকৰ কিং মেকাৰ হৈ পৰিব৷ ফলত জেডিএছ অবিহনে কংগ্ৰেছ কিম্বা বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া খাটাং৷ মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধানসভাৰ ২২২ সমষ্টিৰ গণনা অনুষ্ঠিত হৈছে৷
প্ৰতিটো দলেই সংখ্যালঘু হ’ব সেয়াও খাটাং৷ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে কোনেও৷ জল্পনা-কল্পনা চলি থকাৰ সময়তে ছোনিয়া গান্ধীয়ে এইচ ডি দেৱগৌড়াৰ সৈতে ফোনত কথা পাতে বুলি খবৰ আহিছে৷ জেডিএছক মুখ্যমন্ত্ৰী পদৰ প্ৰস্তাৱ দিছে ছোনিয়াই৷ এই প্ৰস্তাৱ জেডিএছে গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ দুয়োটা দলে লগ লাগি চৰকাৰ গঠন কৰিব বুলি খবৰ প্ৰকাশ হৈছে৷
ছোনীয়া গান্ধীৰ নিৰ্দেশত ইতিমধ্যে গোলাম নবী আজাদ, অশোক গেইলট, মল্লিকাৰ্জুন খাৰ্গেয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আৱাসত বিশেষ বৈঠত অনুষ্ঠিত কৰিছে৷ বৈঠত সমাপ্ত হোৱাৰ পিছতে মুথ্যমন্ত্ৰী সিদ্দাৰামায়াই ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি খবৰ আহিছে৷ ৰাজনৈতিক ঘটনাক্ৰম সলনি হোৱাৰ লগে লগে কংগ্ৰেছে জেডিএছক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে৷ গোলাম নবী আজাদে খোদ এই কথা ঘোষণা কৰে৷