News Next One .বিশ্বনাথ চাৰিআলি ,১৬ জুলাই ঃ বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ মহজুলি পথাৰত প্ৰায় ১২ বছৰতকৈও অধিক কাল পৰিত্যক্ত অৱস্থাত পৰি আছে এটি ব্যৱসায় গৃহ ৷ মেৰামতিৰ অভাৱত ব্যৱসায় গৃহটিৰ ওৱাল জহিখহি যাবলৈ ধৰিছে ৷ হাবি জংঘলৰে পৰিপূৰ্ণ হোৱা ব্যৱসায় গৃহটিত সাপ ,ভেকুলিকে ধৰি অন্যান্য বিষাক্ত সৰীসৃপৰ আৱাসস্থল হৈ পৰিছে ৷ প্ৰায় ৮ লক্ষাধিক টকাৰে নিৰ্মিত ব্যৱসায় গৃহটি মেৰামতি নকৰাত উদ্বেগ প্ৰকাশ কৰিছে সচেতন ৰাইজে ৷

উল্লেখ্য যে আজি কিছু বছৰৰ পুৰ্বে অসম অৰুণাচল সীমান্তৱৰ্তীৰ পৰা চোৰাং ব্যৱসায়ী সকলে ভৰ নিশাৰ ভাগত কাঠ কুণ্ডা লৈ অহা ট্ৰাকৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত থকা ব্যৱসায় গৃহটিৰ পিছফালৰ ওৱালটোক প্ৰচণ্ড খুন্দা মাৰে ৷ ফল স্বৰূপ ওৱালটোৰ একাংশ ভাঙি যায় ৷ ইফালে বিভিন্ন সময়ত হোৱা প্ৰচণ্ড ধুমুহায়েও টিংপাত সমুহ উৰুৱাই লৈ যায় ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে অঞ্চলটোৰ বহু নিবনুৱা যুৱক যুৱতী কৰ্ম সংস্থাপনহীনতাত ভুগিছে ৷ অন্তত এই ব্যৱসায় গৃহটি মেৰামতি কৰিলে বহু যুৱক যুৱতীয়ে ব্যৱসায়ভিক্তিত সংস্থাপিত হব পাৰিব ৷ সেয়েহে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি ছেলাইখাতি পঞ্চায়তৰ জনপ্ৰতিনিধি সকলে ব্যৱসায় গৃহটি অতি শীঘ্ৰে মেৰামতি কৰি দি সংস্থাপনৰ পথ মুকলি কৰিবৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৷