গোলাঘাট : গোলাঘাট জিলাত যোৱা কালি ক'ভিড19ৰ ৩৪,১০০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । এটা দিনত এই অভিলেখ পৰিমাণৰ প্ৰতিষেধক প্ৰদান কৰা গোলাঘাট জিলা ৰাজ্যৰ ভিতৰতে প্ৰথম হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে কামৰূপ মহানগৰ জিলাত একেদিনাই ২৭,৮০০ পালি প্ৰতিষেধক প্ৰদান কৰা হৈছিল ।
গোলাঘাট জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে যোৱা কালি প্ৰায় ৩০ হাজাৰ পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । সেই অনুসৰি যোৱা কালি জিলাখনৰ বিভিন্ন ঠাইত স্থাপন কৰা ৯৪ টা কেন্দ্ৰত বিভিন্ন বয়সৰ লোকক ৩৪,১০০ পালি প্ৰতিষেধক প্ৰদান কৰা হয় । যোৱা কালি প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহৰ ভিতৰত ভালেমান কেন্দ্ৰ চাহ বাগিচাত স্থাপন কৰা হৈছিল । সম্পূৰ্ণ স্বাস্থ্য বিধি মানি প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰ বয়সৰ উৰ্ধৰ লোকক চৰ্তহীনভাৱে যিকোনো পালি প্ৰতিষেধক প্ৰদান কৰা হয় ।
জিলা প্ৰশাসনে বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ ৰাইজৰ প্ৰতি পুনৰ আহ্বান জনাইছে । যোৱা কালি হৈ যোৱা মেগা ভেকচিনেছন অভিযানত গোলাঘাট জিলাৰ উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই বোকাখাত আৰু নুমলীগড়ৰ বিভিন্ন প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ।