গুৱাহাটীত হ’ব লোকসংগীত সমাৰোহ
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/5304bea5-b17c-4f11-ab5e-281493264981.jpg?itok=qsVPHrHb)
গুৱাহাটীঃ প্ৰচাৰ বিমুখ ৰাজ্যখনৰ লোকসঙ্গীতৰ শিল্পী সকলক এখন মঞ্চ দিয়াৰ লগতে অসমৰ লোকসঙ্গীতক বহল ভাবে প্ৰচাৰ আৰু প্রসাৰৰ লক্ষ্যৰে ২৩ আৰু ২৪ মাৰ্চত গুৱাহাটীত লোকসংগীত সমাৰোহ আয়োজন। গণমঞ্চৰ উদ্যোগত আয়োজন কৰা এই লোকসংগীতৰ সমাৰোহ অনুষ্ঠিত হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰেক্ষাগৃহত।
এই কথা আজি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে লোকসংগীত সমাৰোহৰ উদযাপন সমিতি মুখ্য উপদেষ্টা তথা লোকসংগীতৰ সাধক নন্দ বেনাৰ্জীয়ে। সংবাদ মেলত তেওঁ কয় আমাৰ ৰাজ্যখনৰ লোকসংগীতৰ প্ৰকৃত সাধক সকল আৰ্থিক ভাৱে দুৰ্বল আৰু প্ৰচাৰ বিমুখ।
সেই দুৰ্বল আৰু প্ৰচাৰ বিমুখ লোকসংগীতৰ সাধক সকলক প্ৰচাৰৰ এখন মঞ্চ দিয়াৰ লগতে যি সমূহ লোকসংগীত বৰ্তমান সময়ত আমাৰ সমাজৰ পৰা হেৰাই গৈছে সেই সমূহ নতুন প্ৰজন্মৰ বাবে তুলি ধৰাৰ বাবে এই সমাৰোহ আয়োজন কৰা হৈছে।ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে এই লোকসংগীতৰ সমাৰোহত প্ৰয়োভৰ ঘটিব আমাৰ সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা লোকবাদ্যসমূহ আৰু সেই লোকবাদ্য সমূহক লৈ এই সমাৰোহতে বহু লোকসংগীত বাণীবদ্ধ কৰা হব বুলিও তেওঁ উল্লেখ কৰে।
ইয়াৰ উপৰিও এই সংবাদ মেলত উপস্থিত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ লোকসংগীতৰ শিল্পী জীনা ৰাজকুমাৰী,অনুষ্ঠানৰ সভাপতি ডঃ প্ৰফুল্ল বসুমতাৰী প্ৰমুখ্যে ভালে সংখ্যক ব্যক্তি। লগতে অসমৰ প্ৰতিজন লোকসংগীতৰ শিল্পী-তথা ৰাইজক উক্ত দিন দুটাত আহি ওতঃপ্ৰোত ভাবে জড়িত হোৱা আহ্বান জনাই।
ইফালে সকলো ৰাইজৰ সুবিধা হোৱাকৈ আয়োজক সমিতিয়ে ৰাইজৰ বাবে ইতিমধ্যে মুকলি কৰি দিছে ফোন নম্বৰো। ৯৪৩৫১৯৮০৪২, ৯৪৩৫১১৫৮০০ এই নম্বৰ দুটাত যোগাযোগ কৰাৰ বাবে আহ্বান জনায়।