09
Mar
2017

ডুবাইঃ মহিলাৰ খেল চোৱাত আগ্ৰহ নেদেখুওৱাজন কেতিয়াও ক্ৰিকেটৰ ভাল অনুৰাগী হ’ব নোৱাৰে। এই মন্তব্য কৰিছে আইচিচি মহিলা বিশ্বকাপ ২০১৭ৰ বাবে ইউনিচেফৰ, ক্ৰিকেট ফৰ গুডৰ এম্বেছাদৰ ক্ৰিকেট কিংবদন্তি টেণ্ডুলকাৰে।
মহিলাৰ ক্ৰিকেট খেলৰ শৈলী, প্ৰতিযোগীতামূলক ভাৱাপন্ন কঠোৰ পৰিশ্ৰমী খেল যদি আপুনি উপভোগ কৰা নাই, তেন্তে নিজকে এবাৰ সোধক যে আপুনি প্ৰকৃততে ক্ৰিকেট অনুৰাগী হয় নে নহয়- এই নিজৰ মনৰ ভাৱ ব্যক্ত কৰে স্বভাৱসুলভ সৰলতাৰে জগত জয় কৰা ক্ৰিকেটৰ মহাৰথী শচীন তেণ্ডুলকাৰে।
আন্তৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনা আইচিচি মহিলা বিশ্বকাপ ২০১৭ ৰ বাবে ইউনিচেফ আৰু ক্ৰিকেট ফৰ গুডৰ এম্বেছাদৰ হিচাপে মহিলা ক্ৰিকেটক উৎসাহ যোগোৱাৰ বাবে সন্মত হয় তেণ্ডুলকাৰ।