গুৱাহাটীঃ উত্তৰ পূৱ ভাৰতৰ চুটি ছবি আন্দোলনৰ বাটকটীয়া 'আড্ডা'ই অনুষ্ঠিত কৰি অহা "আড্ডা চুটি ছবি মহোৎসৱে" এইবাৰ চতুৰ্দশ বৰ্ষ উদযাপনৰ দুৱাৰদলিত উপনীত হৈছে।

২০০৪ চনত গুৱাহাটীৰ ৰাজগড়ৰ ৰাজপথত আৰম্ভ হোৱা ‘আড্ডা’ৰ চুটি ছবি মহোৎসৱে বিগত চৈধ্য বছৰৰ অভিজ্ঞতা, বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আজি এক নিজস্ব পৰিচিত তথা আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। 

এইবাৰ ২০১৭ বৰ্ষত ২ আৰ ৩ ডিচেম্বৰত শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব চতুৰ্দশ সংখ্যক মহোৎসৱ। মহোৎসৱৰ লগত সংগতি ৰাখি নবেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব কেমেৰাৰ কৰ্মশালা, চিত্ৰনাট্য ৰচনাৰ কৰ্মশালা, চিনেমাৰ ৰসাস্বাদন আৰু চিনেমা বিষয়ক কুইজ অনুষ্ঠান৷ তাৰ লগতে অনুষ্ঠিত কৰা হ’ব চুটি ছবি প্ৰতিযোগিতা।

আজি গুৱাহাটী প্ৰেচ ক্লাবত অনুষ্ঠিত সংবাদ মেলত আড্ডাৰ সভাপতি অমৰদ্বীপ গগৈয়ে প্ৰতিযোগিতাৰ নিয়ম সমূহৰ বিষয়ে জানিবলৈ দি কয় যে ইচ্ছুক প্ৰতিযোগীয়ে আড্ডাৰ ফেচবুক পেইজ "Adda Short Film Festival" ত লগ ইন কৰি সকলো তথ্য জানিব পাৰিব।