বোকাজানঃ আদিবাসী লোকক টিকট নিদি বিবুদ্ধিত পৰিছে বিজেপিৰ শীৰ্ষস্থানীয় নেতৃবৰ্গ। কাৰ্বি আংলং স্বায়ত্ত পৰিষদীয় নিৰ্বাচনত হাই প্ৰফাইল নেতাক ৰাইজে ভেটা দিয়াত বিবুদ্ধিত পৰিছে বিজেপি ।

কাৰ্বি আংলঙৰ ২৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত বোকাজান আৰু দেওপানী পৰিষদীয় সমষ্টিত সংখ্যাগৰিষ্ঠ আদিবাসী সম্প্ৰদায়ৰ টিকট প্ৰত্যাশী এজনকো বিজেপি দলে টিকট প্ৰদান নকৰাত এতিয়া খোজে খোজে বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ আৰু দলীয় প্ৰাৰ্থী সকল অধিবাসী সম্প্ৰদায় জনসাধাৰণৰ তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদৰ সন্মুখীন হৈছে৷

আজি বোকাজান আৰু দেওপানী পৰিষদীয় সমষ্টিত বিজেপিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী বোকাজানত উপস্থিত হৈছিল৷ সাংসদ গৰাকীয়ে দেওপানী পৰিষদীয় সমষ্টিত দলীয় প্ৰাৰ্থী মুকুট মহন্তৰ হৈ সমষ্টিটোৰ নামবৰ চাহ বাগান এলেকাত প্ৰচাৰ চলাবলৈ গৈ সদৌ অসম আধিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ লগতে সম্প্ৰদায়টোৰ কেইবাটও সামাজিক সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়৷

সাংসদ গৰাকীৰ লগতে বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক নোমল ম'মিন, সমষ্টিটোৰ প্ৰাৰ্থী মুকুট মহন্তৰ উপৰিও বহু জেষ্ঠ বিজেপি নেতা-কৰ্মীৰ সৈতে এক বৃহৎ দল অঞ্চলটোলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল যদিও বাগানত প্ৰবেশ কৰাৰ সময়তে আছা আৰু আটছাৰ শতাধিক নেতা-কৰ্মীৰ লগতে স্থানীয় ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হয়।

ফলত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত নকৰাকৈয়ে বাগানৰ আন এটা পথেৰে উভতনি যাত্ৰা কৰিবলগীয়া হয় দলটোৱে৷প্ৰতিবাদী জনতাই বিজেপি গ' বেক, বিজেপি সাম্প্ৰদায়িক, ৰামেশ্বৰ তেলী মুৰ্দাবাদ, নোমল ম'মিন হায় হায়, দালালগিৰি বন্ধ কৰক, আদিবাসী বিৰোধী বিজেপি হায় হায় আদি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তপ্ত কৰি তোলাৰ লগতে বিজেপিক এই নিৰ্বাচনতে উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰে৷