দিল্লীঃ কেৱল মহিলাৰে উৰিল এখন বিমান। বিমানখনৰ পাইলট, ক্ৰু বা যাত্ৰীয়েই নহয়, বিমান উৰণৰ বাবে চেক-ইনৰ কৰ্মচাৰী, গ্ৰাউণ্ড ষ্টাফ, ফিটনেচ চাৰ্টিফিকেট দিয়া অভিযন্তা আনকি বিমানৰ উৰণৰ বাবে সংকেত দিয়া ট্ৰেফিক কণ্ট্ৰোলাৰজনো মহিলা। এই প্ৰস্তুতি কোনো ৰেকৰ্ড কৰাৰ উদ্দেশ্যে নহয়, এয়া আন্তৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে ভাৰতৰ চৰকাৰী এয়াৰলাইন কোম্পানী এয়াৰ ইণ্ডিয়াৰ এক পদক্ষেপ।

সোমবাৰে আমেৰিকাৰ চেনফ্ৰান্সিচকো অভিমুখে যাত্ৰা কৰা এই বিশেষ বয়িং ৭৭৭ বিমানখনে শুক্ৰবাৰে ভাৰতত প্ৰত্যাৱৰ্তন কৰে।