গুৱাহাটীঃ ফাগুনৰ মাহত এনেয়েই ধূলিয়ৰি আকাশ, তাতে আকৌ মহানগৰীৰ বায়ু প্ৰদূষণে জীৱন নৰকসদৃশ কৰি তুলিছে মহানগৰবাসীৰ। যধে-মধে নিৰ্মাণ হৈ থকা গগনচুম্বী অট্টালিকা, কংক্ৰীটৰ ধূলি উৰুৱাই অব্যাহত থকা উৰণ সেঁতুৰ নিৰ্মাণ কাৰ্য আৰু যান-বাহনৰ ক’লা ধোঁৱাই বিষাক্ত কৰি তুলিছে উত্তৰ-পূবৰ হৃদপিণ্ড গুৱাহাটীৰ বতাহ।

সোমবাৰে গুৱাহাটীৰ এয়াৰ কুৱালিটী ইনডেক্স (একিউআই) ১০২ত উপনীত হৈছে। উল্লেখ্য যে, ১০০ৰ পৰা ১৫০লৈ বায়ুৰ গুণাগুণক 'বেয়া’ বুলি গণ্য কৰা হয়। ইফালে, আজিৰ দিনটোত গুৱাহাটীত পাৰ্টিকুলেট মেটাৰ (পিএম১০)ৰ মাত্ৰা ১১২ মাইক্ৰ’গ্ৰাম/মিটাৰ আৰু পিএম২.৫ৰ মাত্ৰা ৩৫ মাইক্ৰ’গ্ৰাম/মিটাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিছে।

লক্ষ্যণীয়ভাৱে আজি চৰম পৰ্যায়ত উপনীত হৈছে গুৱাহাটীৰ ৰে’লৱে কলনীৰ একিউআই। আজি 'অস্বাস্থ্যকৰ’ স্তৰত উপনীত হোৱা ৰে’লৱে কলনীৰ একিউআই হৈছে ১৮৮। আনহাতে অঞ্চলটোৰ পিএম১০ ৩২৮ মাইক্ৰ’গ্ৰাম/মিটাৰত উপনীত হৈছে। বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত এতিয়া গুৱাহাটী ৩৪৭ নম্বৰ স্থানত উপনীত হৈছে।

একে সময়তে ভাৰতৰ আন বহু উদ্যোগীক চহৰতকৈও এই মুহূৰ্তত আতংকজনকহৈ পৰিছে গুৱাহাটীৰ বতাহ। ৰাজধানী দিল্লীৰ একিউআই আজি ১৩৯, মুম্বাই ১৩৩, কলকাতা ১১০। গুৱাহাটীও ক্ৰমান্বয়ে আগবাঢ়িছে সেই একেই ভয়াবহতাৰ পথেৰে। আনহাতে চেন্নাই (৬০) আৰু বেংগালুৰু (৮৪)ৰ দৰে ঔদ্যোগীক চহৰৰ তুলনাত অধিক বেয়া হৈ পৰা পৰিলক্ষিত হৈছে গুৱাহাটীৰ পৰিস্থিতি।

লক্ষ্যণীয়ভাৱে ২০২৫ৰ প্ৰথম তিনিমাহতে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ মাত্ৰাই বিগত পাঁচ বছৰৰ ভিতৰত চৰম পৰ্যায়ত উপনীত হৈছে। ২০২০ চনত গুৱাহাটীৰ বাৰ্ষিক একিউআই আছিল ১১০। ২০২১ত সেয়া ১১৬ লৈ বৃদ্ধি পাইছিল। ২০২৪ত বায়ুৰ গুণাগুণ কিছু নিয়ন্ত্ৰণলৈ আহি একিউআই ১০৫লৈ হ্ৰাস পালেও ২০২৫ৰ প্ৰথম তিনিমাহতে ৫৪ শতাংশ বৃদ্ধিৰে ১৬৪ত উপনীত হৈছে।

প্ৰণিধানযোগ্য যে, শেহতায়াকৈ উন্নয়নৰ নামত গুৱাহাটীত যথে-মধে অব্যাহত আছে নিৰ্মাণকাৰ্য। চৰকাৰ আৰু ব্যক্তিগত প্ৰতিষ্ঠানে নিৰ্মাণ কৰি থকা সুউচ্চ অট্টালিকা, উন্নয়নৰ ঢোল পিতি নিৰ্মাণ কৰি থকা ইখনৰ পিছত সিখন উৰণ সেঁতু আৰু ৰাজপথত বৃদ্ধি পোৱা সীমাহীন যান-বাহনে ফাগুনৰ বতৰত অধিক উদ্বেগজনক কৰি তুলিছে গুৱাহাটীৰ পৰিস্থিতি। এতিয়া কেৱল নামতহে থাকি যোৱা গুৱাহাটী প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে যেন এই বায়ু প্ৰদূষণে কেতিয়া চৰম সীমা অতিক্ৰম কৰে তালৈকেহে বাট চাই আছে।

গুৱাহাটীৰ এই প্ৰদূষণৰ সমান্তৰালভাৱে এতিয়া ভয়াবহ হৈ পৰিছে মহানগৰবাসীৰ জীৱন। হাঁপানী, ব্ৰংকাইটিছ, হাওঁফাওঁৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ প্ৰতিদিনে বৃদ্ধি পাইছে। চিকিৎসকৰ মতে, শিশু আৰু বৃদ্ধসকলৰ বাবে এই পৰিস্থিতি অধিক ভয়াৱহ, কিয়নো তেওঁলোক তুলনামূলকভাৱে প্ৰদূষণৰ প্ৰতি অধিক সংবেদনশীল।

একে সময়তে পূৰ্বে গাটো ভালে থাকক বুলি সন্ধিয়া এপাক ঘৰৰ পৰা ফুটপাথেৰে ওলাই অহা বৃদ্ধসকলৰ বাবেও এতিয়া গুৱাহাটীখন হৈ পৰিছে যমৰ নগৰী। উল্লেখ্য যে, এইবাৰ মাঘ মাহৰ লগতে ফাগুন মাহৰ ১৫ দিন যোৱাৰ পিছতো ৰাজ্যৰ বাকী প্ৰান্তৰ তুলনাত গুৱাহাটীত মহানগৰীত বৰষুণৰ পৰিমাণ তেনেই সামান্য হোৱা বাবে বায়ুমণ্ডলত ধূলিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।