
গুৱাহাটীঃ অসমৰ অন্যতম ভুমিপুত্ৰ চুতীয়ালোক সকলৰ ইতিহাস সমৃদ্ধ এক সংস্কৃতি আছে যদিও ৰাজনৈতিক কাৰণত চুতীয়ালোক সকলে অধিকাৰসমূহৰ পৰা বঞ্চিত৷ চুতীয়া সকলৰ নিজস্ব ইতিহাস আৰু অধিকাৰৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা চমুকৈ আকছু'ৰ উদ্যোগত গুৱাহাটীৰ ভি আই পি ৰোডত থকা সংগঠনটোৰ মূখ্য কাৰ্যালয় "সাধনী" ভৱনত ২২-২৪ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে এক সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰুপ বৰবৰাই উদ্বোধন কৰা এইলানি কৰ্মশালাত জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, সমাজকৰ্মী মৃণাল হাজৰিকা, প্ৰাঞ্জল ৰাজখনিকৰ উপস্থিত থাকে ৷
চুতীয়া জাতিৰ ইতিহাস আৰু অধিকাৰ সম্পৰ্কে প্ৰাক্তন আৰক্ষী বিষয়া বিষয়া দিলীপ বৰা, বিশিষ্ট নিবন্ধকাৰ ময়ুৰ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ উপেন ৰাভা হাকাচাম, অসমবাণী কাকতৰ মূখ্য সম্পাদক দিলীপ চন্দন, আৰু চুতীয়া জাতি সন্মিলনৰ অমিয় কুমাৰ বৰা, হৰেণ চুতীয়া, দেবানন্দ শইকীয়াই কৰ্মশালাত অংশলৈ সকলো চুতীয়া লোকক একত্ৰিত হৈ জাতিটোক আগুৱাই নিবলৈ আহ্বান জনায়৷