ডিজিটেল ডেস্কঃ কালিমা লাগিছে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান আইআইটিত৷ এইবাৰ অধ্যাপকৰ বিৰুদ্ধে যৌন আতিশায্যৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী গৱেষক ছাত্ৰীয়ে৷ আইআইটি ভুৱনেশ্বৰৰ এই ঘটনা৷
ছাত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে অধ্যাপকজনে তেওঁৰ ওপৰত যৌন আতিশায্য চলোৱাৰ উপৰিও তেওঁৰ স্বামীৰ ওপৰতো মানসিক অত্যাচাৰ চলাই আহিছে৷
অৱেশ্যে মহিলাগৰাকীৰ এই অভিযোগ অস্বীকাৰ কৰিছে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই৷ উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু দেশৰ প্ৰধামন্ত্ৰীক সমস্ত কথা লিখি ন্যায় বিচাৰিছে ছাত্ৰীগৰাকীয়ে৷
২০১২ চনৰ পৰা গৱেষিকা গৰাকীয়ে নিৰ্যাতনৰ সন্মুখীন হৈ আহিছিল বুলি উল্লেখ কৰিছে৷ আনহাতে বিষয়টো সন্দৰ্ভত এক তদন্তকাৰী কমিটি গঠন কৰিছিল আইআইটিয়ে৷ কিন্তু সেই কমিটিৰ সিদ্ধান্ত আৰু ভূমিকাত অসন্তুষ্ট ছাত্ৰীগৰাকী৷