গুৱাহাটীঃ স্বাধীন ভাৰতৰ অসমৰ বুৰঞ্জীৰ কথা উনুকিয়ালে প্ৰথমে ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধৰ কথা নিশ্চয় উনুকিয়াই লাগিব৷ ভাৰত-চীনৰ যুদ্ধৰ কথা চৰ্চা নকৰিলে আধৰুৱা হৈ ৰব স্বাধীনতা লাভ কৰাৰ পিছৰ অসমৰ ইতিহাস৷

দেশে স্বাধীনতা লাভ কৰাৰ পিছতেই ১৯৬২ চনত যুদ্ধ কৰিব লগা হৈছিলে দেশৰ চৰকাৰ খনে৷ ভাৰত-চীন যুদ্ধৰ কাৰণ আছিল সীমা বিবাদ৷ ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজৰ যুদ্ধৰ কাৰণ আছিল হিমালয়াৰ সীমা। কেৱল ইমানে নহয় দালাই লামাক সহযোগ কৰা, ১৯৫৯ চনৰ হিংসুক তিব্বতৰ আন্দোলনে ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে বুলি চৰ্চা আজিও হয়৷

দেশে স্বাধীনতা লাভ কৰাৰ পিছতেই ১৯৫৯ চনত ফৰৱাৰ্ড পলিচী গ্ৰহণ কৰি মেক-মহান ৰেখাৰ লাইন অৱ কণ্ট্ৰলৰ পূব দিশে সেনাৰ ঘাটি স্থাপন কৰে। ৩২২৫ কিলোমিটাৰ দীঘল এই সীমাৰ বিবাদৰ বাবে ১৯৬২ চনত ২০ অক্টোবৰত ৰঙা চীনে লাডাখত মেক-মহান ৰেখাৰে আক্ৰমণ কৰে। চীনে পশ্চিমে চুশ্বুলুঙৰ ৰেজাং-লা আৰু পূৱ দিশে টাৱাঙো দখল কৰিছিল। ১৯৬২ চনৰ ২০ নৱেম্বৰত যুদ্ধ সমাপ্ত হয় কিয়নো চীনে যুদ্ধ বিৰতি ঘোষণা কৰিছিল।

কিন্তু এই যুদ্ধক ভাৰতৰ ৰাজনীতিত ব্যাপক হাৰত ভোট লাভৰ আহিলা হিচাপে ব্যৱহাৰ হৈ আহিছে৷ যোৱা লোকসভা নিৰ্বাচনত প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ বিৰুদ্ধে অসমক চীনৰ হাতত এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছিল৷

এইবাৰ বিজেপিৰ সভাপতি অমিত শ্বাহে জৱাহৰলাল নেহেৰুৱে অসমক এৰি দিব খোজা বুলি পুনৰ অভিযোগ উত্থাপন কৰে৷ এতিয়া প্ৰশ্ন হয় জৱাহৰলাল নেহেৰুৱে অসমক এৰি দিব খোজাৰ বিষয়টোক লৈ বিতৰ্কৰ সুচনা হোৱাৰ প্ৰয়োজন আছে নেকি?

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বাৰে বাৰে শনিবাৰে খানাপাৰত ভাষণ প্ৰদান কৰি অসমক এৰি দিব খোজা বুলি কৈ পূৰ্বৰ প্ৰধানমন্ত্ৰী আৰু কংগ্ৰেছ দলক আক্ৰমণ কৰিছিল৷ আক্ৰমণ কৰাৰ কাৰণ আছিল ভোটৰ অংক৷ বাৰে বাৰে চীন আৰু ভাৰতৰ যুদ্ধক কেৱল ভোটৰ স্বাৰ্থত হৈ ব্যৱহাৰ হৈ আহিব নেকি?

ইমানে নহয় সেই সময়ত সম্পূৰ্ণ অসমক গ্ৰুপ চিত ৰখা হৈছিল বুলি অভিযোগ কৰে শ্বাহে৷ গোপীনাথ বৰদলৈ নাথাকিলে আৰু গান্ধীজীয়ে বিৰোধ নকৰিলে অসম আজি ভাৰতৰ অংগ হৈ নাথাকিল হেতেন৷ ইমান গাদ্দাৰী কংগ্ৰেছে কৰিছে৷ ‘‘জৱাহৰলালজী নে বাই বাই অসাম কৰ দিয়া’’৷ আমাৰ দেশৰ বহু লোকে দেশৰ বাবে তেজ দিছে৷ ইমান সহজে এৰি দিব কোনোৱে কেনেকৈ পাৰে৷ আজি আমি ডোকলামত যি পৰিস্থিতি কৰিছো সমগ্ৰ বিশ্বত বাৰ্তা গৈছে৷ আমাৰ দেশৰ সীমাত পখীয়ে ডেউকা মাৰিব নোৱাৰে বুলিও কয় অমিত শ্বাহে৷

শনিবাৰে পুৱাই দুদিনীয়া ভ্ৰমণসূচীৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুৱাহাটীত উপস্থিত হৈ খানাপাৰত বুথ সমিতিৰ কৰ্মকৰ্তা সন্মিলনত অংশ লয়৷