newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক কৌশল অৱলম্বন কৰি বিজেপিৰ সৈতে সম্পৰ্ক ছেদ কৰা নেতা সকলক পুনৰ দললৈ উভটাই আনিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ বিজেপিয়ে সমৰ্থনৰ বাবে সম্পৰ্ক অভিযানৰ জৰিয়তে দেশৰ বিশিষ্ট আৰু প্ৰভাৱশালী লোক সকলক সাক্ষাত কৰি বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে৷ 

বিজেপি অধ্যক্ষ অমিত শ্বাহে সমৰ্থনৰ বাবে সম্পৰ্ক অভিযানৰ জৰিয়তে বুধবাৰে শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেক মুম্বাইৰ মাতোশ্ৰীত সাক্ষাত কৰে৷ জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবীছেও অমিত শ্বাহৰ সৈতে উদ্ধৱ থাকৰেক সাক্ষাত কৰাৰ বাবে গৈছিল যদিও বৈঠকৰ সময়ত তেওঁ বাহিৰতে বহি থাকিব লগা হয়৷

বাতৰি অনুসৰি, উদ্ধৱ থাকৰেৰ নিৰ্দেশ অনুসৰিয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকৰ বাহিৰত প্ৰতিক্ষা কৰিবলগীয়া হয়৷ জানিব পৰা মতে, পালঘৰ সমষ্টিত উপ-নিৰ্বাচন সম্পন্ন হোৱাৰ পিছৰে পৰা উদ্ধৱ থাকৰে আৰু দেবেন্দ্ৰৰ মাজৰ দূৰত্ব বৃদ্ধি পায়৷ সেয়েহে অমিত শ্বাহৰ সৈতে শিৱসেনা প্ৰধানৰ বৈঠকখনত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰা হয় বুলি চৰ্চা চলিছে৷ 

উল্লেখ্য যে, বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে সমৰ্থনৰ বাবে সম্পৰ্ক অভিযানৰ ভিত্তিত শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেৰ সৈতে সম্পন্ন কৰা বৈঠকখনে আগন্তক ২০১৯ৰ লোক সভা নিৰ্বাচনত বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত মিত্ৰজোটৰ সহযোগী দল হোৱাৰ পিছতো বিজেপি আৰু শিৱসেনাৰ মাজৰ দুৰত্ব ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে৷ 

মিত্ৰজোঁটৰ সহযোগী দুয়োটা দলে সদ্য সম্পন্ন হোৱা পালঘৰ লোকসভা সমষ্টিৰ বাবে পৃথকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়তে শিৱসেনাই বিজেপিক বাক্য বাণেৰে ধৰাশায়ী কৰাও পৰিলক্ষিত হৈছিল৷ শিৱসেনাই বিজেপি চৰকাৰৰ প্ৰতি ক্ষুন্ন হৈ বিজেপিৰ বিৰুদ্ধাচৰণ কৰিছিল৷

আনহাতে পালঘৰ সমষ্টিত বিজেপিৰ বিৰুদ্ধে যুঁজ দি পৰাজয় বৰণ কৰিবলগীয়া হোৱাৰ পিছত শিৱসেনাই বিজেপিক শত্ৰুদল হিচাপে মুকলি ঘোষণা কৰিছিল৷ ইফালে শিৱসেনাই আগন্তক লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ঘোষণা কৰে৷ তেনে ক্ষেত্ৰত অমিত শ্বাহৰ সৈতে উদ্ধৱ থাকৰেৰ অনুষ্ঠিত হোৱ বৈঠকখনৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাজনৈতিক মহলত কেইবাটাও প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে৷