![BTVi.in BTVi.in](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/501272e00e77cc1ed1c8c58b9f2d7bce.jpg?itok=5RXyfGzB)
ডিজিটেল ডেস্কঃ এনডিএ-কেন্দ্ৰৰ বিজেপি চকাৰৰ অন্যতম সহযোগী টিডিপি দলে দীৰ্ঘিদিন ধৰি অন্ধ্ৰপ্ৰদেশ ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। কেন্দ্ৰীয় চৰকাৰে এই দাবী পূৰণ নকৰাত চন্দ্ৰবাবু নাইডুৰ দল টিডিপিয়ে এনডিএ-বিজেপি মিত্ৰজোঁটৰ পৰা আতৰি যায়। ৰাজ্যসভা আৰু লোকসভাত অচলাৱস্থাৰ সৃষ্টি কৰে দলটোৱে৷
ইমানে নহয় সংসদত বিজেপিৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে চন্দ্ৰবাবু নাইডুৱে৷ তাৰ পিচতে নাইডুক এখন মুকলি চিঠি লিখি নাইডুৰ অভিযোগৰ উত্তৰ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে৷ ২৩ মাৰ্চত চন্দ্ৰবাবু নাইডুক পত্ৰ প্ৰেৰণ কৰি এনডিএ ত্যাগ কৰা বিষয়টোক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে।
নাইডুৱে অন্ধ্ৰপ্ৰদেশৰ প্ৰতি 'বিজেপি অসংবেদনশীল' বুলি কৰা মন্তব্যক অসত্য তথা ভিত্তিহীন বুলি কয় অধ্যক্ষগৰাকীয়ে। পত্ৰখনত শ্বাহে আৰু কয়, চন্দ্ৰবাবু নাইডুৰ মিত্ৰজোঁট ভংগ কৰাৰ সিদ্ধান্তই ৰাজ্যখনৰ বিকাশতহে বাধা হৈ থিয়ে দিলে। বিজেপিয়ে সদায় দেশৰ বিকাশ সাধন কৰাতহে গুৰত্ব প্ৰদান কৰি আহিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যসমূহৰ বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত কেতিয়াও হীনদেঢ়ি কৰা নাই। তৎসত্বেও নাইডুৱে ৰাজ্যখনৰ প্ৰতি বিজেপি অসংবেদনশীল বুলি কৰা মন্তব্য ভিত্তিহীন।
ইয়াৰোপৰি পত্ৰখনত অন্ধ্ৰপ্ৰদেশৰ পৰা তেলেংগানাক পৃথকৰাজ্য হিচাপে গঢ়ি তোলাত কংগ্ৰেছৰ কু-অভিসন্ধি আছিল বুলি উল্লেখ কৰে অমিত শ্বাহে। বিজেপিয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ তেলেগুসকলৰ নিৰাপত্তা তথা কল্যাণসাধনত ক্ষেত্ৰত সদায় নেতৃত্ব বহন কৰি আহিছে।
তদুপৰি উত্তৰ-পূব আৰু পাহাৰীয়া ৰাজ্যসমূহৰ বাদে অন্ধ্ৰপ্ৰদেশেই একমাত্ৰ ৰাজ্য যিখন ৰাজ্যত যোৱা পাঁচ বছৰত ৰাজহ ঘাটি হোৱা নাই৷ অন্ধ্ৰ প্ৰদেশ, উত্তৰ পূৱ আৰু পাহাৰীয়া ৰাজ্য ৫বছৰৰ বাবে ৰাজহ নিম্ন নােহোৱা একাত্ৰ ৰাজ্য৷ চন্দ্ৰবাবু নাইডুৱে এনে দিশ প্ৰত্যক্ষ নকৰি বিজেপিক অসংবেদনশীল বুলি কৰা মন্তব্য কৰাত অধ্যক্ষ অমিত শ্বাহে পত্ৰখনৰ জৰিয়তে প্ৰশ্ন কৰে-ইমানৰ পাছতো কেন্দ্ৰীয় চৰকাৰ অন্ধ্ৰপ্ৰদেশৰ বিকাশ তথা উন্নয়নৰ প্ৰতি সংবেদনশীল নহয় নেকি?