অশনি সংকেত কঢ়িয়াইছে চিমেন্ট উদ্যোগে
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/2b4f3886-d634-47f5-b817-42c2c301a201.jpg?itok=o8NG2Mb8)
মৰিগাওঁ জিলাৰ উদ্যোগ নগৰী জাগীৰোডৰ সমীপবৰ্তী জোনবিলৰ পাৰত এই বছৰো উলহ মালহেৰে অনুস্থিত হ'ব ঐতিহাসিক জোনবিল মেলা। অহা ১৯,২০ আৰু ২১ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই ইতিহাস প্ৰসিদ্ধ মেলাখনৰ বাবে উদযাপন সমিতি আৰু তিৱা ৰাজদৰবাৰৰ বিষয়ববীয়া সকলে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। তিৱা ৰজা দীপ সিং দেউৰজাৰ তত্বাৱধানত আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যৰে পূৰ্বৰ তুলনাত অধিক শৃংখলাবদ্ধ আৰু বৃহৎ আকাৰত আয়োজিত এই ঐতিহাসিক মেলা খনলৈ পূৰ্বৰ দৰেই প্ৰতিদিনে দেশ বিদেশৰ লক্ষাধিক লোক আৰু পৰ্যটকৰ সমাগম আশা কৰা হৈছে। নগদ ধনৰ লেন দেনৰ বিপৰীতে আজিৰ তাৰিখতো বিনিময়ৰ মাধ্যমেৰে প্ৰয়োজনীয় বস্তুৰ আদান প্ৰদান হোৱা এই মেলা খনত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সুদৃষ্টি পৰিলে, অধিক পৰ্যটকক আকৰ্ষণ কৰাৰ থল আছে।অৱশ্যে মেলা থলীৰ নাতি দূৰত নতুনকৈ আৰম্ভ হোৱা কেইবাটাও উদ্যোগ আৰু শেহতীয়াকৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদকো নেওচি পূৰ্ণ গতিত নিৰ্মান কাৰ্য চলি থকা এক বৃহৎ প্ৰতিষ্ঠানৰ চিমেন্ট কাৰখানাই অনাগত দিনত এই ঐতিহাসিক মেলাখনৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিব বুলি শংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। বিষয়টো সন্দৰ্ভত চৰকাৰ-প্ৰশাসনৰ নীৰৱ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে ঐতিহাসিক মেলাখনক মনে-প্ৰাণে ভালপোৱা প্ৰতিজন লোক।