শীতল পানীয় আৰু মিনাৰেল ৱাটাৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তামিলনাডুৰ বিক্ৰেতাসকলে। এই পানীয়সমূহৰ অপকাৰিতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ  পদক্ষেপ হাতত লৈছে তামিলনাডুৰ বিক্ৰেতাসকলে৷ ১ মাৰ্চৰ পৰা তেওঁলোকে ৰাজ্যখনত পেপ্‌ছি, কোকাকলাকে ধৰি বহুজাতিক কোম্পানীৰ পানীয়সমূহ বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনৰ বিক্ৰেতাসকলৰ সংগঠন বানিগৰ চংগাগলীন পেৰাম্পুৰ সভাপতি এ এম ৱিক্ৰমৰাজাই কয় যে শীতল পানীয়সমূহ শৰীৰৰ বাবে হানিকাৰক৷ সেয়ে আগন্তুক ফেব্ৰুৱাৰী মাহত তেওঁলোকে এই বিষয়ে জনতাক সজাগ কৰিবৰ বাবে বিভিন্ন  কাৰ্যসূচী ৰূপায়ন কৰিব৷ উল্লেখযোগ্য যে, ১৯৯৮ চনৰ পৰাই সংস্থাটোৱে এই শীতল পানীয় প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে মাত মাতি আহিছে৷