newsnextone.com | গুৱাহাটীঃ হিন্দু বাংলাদেশী সংস্থাপন তথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উত্তাল হৈ আছে ৰাজ্য৷ আজিও বিজেপিৰ মন্ত্ৰী, বিধায়ক নেতাই হিন্দু বাংলাদেশী অসমত সংস্থাপন কৰাৰ সপক্ষে মত প্ৰকাশ কৰি আহিছে৷ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নগাঁৱৰ সাংসদ, ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে বিজেপিক হিন্দু বাংলাদেশীয়ে ভোট দিছিল বুলি কৈ বাংলাদেশী সংস্থাপনৰ সমৰ্থন কৰিছিল৷ 

আনহাতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱো প্ৰতিদিনে ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হোৱা বুলি কৈ বিদেশত নিৰ্যাতিত হিন্দু কলৈ যাব বুলি ওকালতি কৰি অসমত  হিন্দু বাংলাদেশীৰ সংস্থাপন সমৰ্থন কৰি গৈছে৷ ইমানে নহয় কিছুদিন পূৰ্বলৈকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাস হুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীকে ধৰি কেইবাগৰাকী বিজেপিৰ মন্ত্ৰী-বিধায়কে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমৰ মুছলমান বাংলাদেশীৰ বিৰুদ্ধে সমকক্ষ কৰাৰ সপক্ষে যুক্তি দিছিল৷

কিন্তু অসমৰ ৰাইজৰ ক্ষোভ প্ৰত্যক্ষ কৰি হঠাতে সলনি হ’ল অসমৰ মন্ত্ৰী-বিধায়ক নেতা-কৰ্মীৰ মন্তব্য৷ এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি সাংসদ, বিজয়া চক্ৰৱৰ্তীয়ে কবলৈ বাধ্য হৈছে অসমৰ ক্ষতিকাৰক কোনো কাম নকৰে চৰকাৰে৷ এতিয়া বিজেপিৰ নেতা-কৰ্মীয়ে  এনআৰচিৰ কথা কৈ ৩০ জুনলৈ ধ্বিৈৰ্য কৰিবলৈ কৈ আহিছে৷ 

ভিন্ন দল-সংগঠনৰ নেতৃত্বত নগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত তীব্ৰ প্ৰতিবাদৰ মাজতে দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে হেঙেৰাবাৰিস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি ৰাইজক ধৈৰ্য ধৰিবলৈ কয় ৩০ জুনলৈ৷ অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰতিগৰাকী অসমীয়াই প্ৰতিবাদত অংশ লৈ ৰাজ্য উত্তাল কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠাৰ সময়তে বিজেপিৰ সভাপতিক নৰম স্থিতি গ্ৰহণ কৰা দেখা গ’ল দেওবাৰে৷

শেহতীয়াকৈ ৰাজ্যৰ কিছুসংখ্যক বিজেপি নেতা-মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আন আন কেতবোৰ বিষয়কলৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ পিছত এইবাৰ যেন সজাগ ৰাজ্যিক বিজেপি৷ ক্ষমতাৰ লোভত আক্ৰান্ত বিজেপিৰ দলীয়-নেতা-মন্ত্ৰী-বিধায়কৰ বিতৰ্কিত মন্তব্যৰ ফলতেই ৰাজ্যখন উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে৷ পল্লৱ লোচন দাস, ৰাজেন গোঁহাই, শিলাদিত্য দেৱ, হিমন্ত বিশ্ব শৰ্মা, বিজয়া চক্ৰৱৰ্তী আদি বিজেপি নেতা-মন্ত্ৰীয়ে কৰা মন্তব্যই ৰাজ্যবাসীক ক্ষুন্ন কৰাৰ লগতে দলৰ ভিতৰ চৰাতো প্ৰভাৱ পেলাইছিল৷ 

দেওবাৰে এনে মন্ত্ৰী-বিধায়কক সকলক সকীয়নী প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দলৰ নেতাই দলৰ অনুমতি নোহোৱাকৈ মন্তব্য প্ৰদানত বাধা প্ৰদান কৰাৰ কথা উল্লেখ কৰে৷ দলৰ অনুমতি নোলোৱাকৈ যিকোনো বিতৰ্কিত মন্তব্য প্ৰদান কৰিলে পৰিস্থিতি ভয়াবহ হোৱাৰ সম্ভাৱনা থাকে আৰু বিতৰ্কিত মন্তব্যৰ বাবে দলটোও জগৰীয়া হৈ পৰিব পাৰে৷ তেনে কাৰণতে কথা চিন্তা কৰিয়েই দলৰ নেতাসকলক কোনো মন্তব্য ৰাজহুৱা কৰাৰ আগতে দলৰ অনুমতি লবলৈ আহ্বান জনায় ৰঞ্জিত দাসে৷ 

দাসে পৰিৱেশ বিঘ্নিত নকৰিবলৈ ৰাইজক আহ্বান জনাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতি পুনৰ অসমলৈ আহিব৷ সেই সময়ত যাতে পৰিৱেশ বিঘ্নিত কৰা নহয়৷ মতামত গ্ৰহণ কৰাৰ সময়ত পৰিৱেশ বিঘ্নিত হ’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থকা বুলি কয় দাসে৷ আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ নোহোৱা পৰ্যন্ত সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনায় সভাপতিগৰাকীয়ে৷

অসমীয়াৰ জাতিৰৰ আবেগ বিপথে পৰিচালিত কৰিব নালাগে বুলি কৈ অসমৰ হৈ মা মাতিছে, ভাল কথা কিন্তু অসমীয়াৰ জাতিৰ আবেগ যাতে বিপথে পৰিচালিত নহয় তাক নজৰ দিবলৈ কয়৷ আবেগৰ দ্বাৰা পৰিচালিত নহৈ সকলো অসমীয়াক আবেগ দমন কৰি প্ৰতিবাদ কাৰ্যসূচী ৰোধ কৰিবলৈ পৰামৰ্শ দিয়ে৷

অসমৰ জাতি-মাটি-ভেটিৰ হকে সদায় কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দি শাসনাধিষ্ঠিত হোৱা জাতীয় নায়ক খ্যাত সৰ্বানন্দ সোণোৱালে ক্ষমতা লাভ কৰি অসম বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে অসমীয়াই৷ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰি অসমৰ বুকুলৈ কাল ধুমুহা নমাই আনিবলৈ সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় বিজেপিয়ে চেষ্টা চলোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ 

উল্লেখ্য যে, অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস শনিবাৰে বিজেপিৰ সাংগঠনিক কামৰ বাবে ওদালগুৰিলৈ আহি ওদালগুৰি আৱৰ্ত ভৱনত সাংবাদিকৰ সৈতে  মুখামুখি হৈ ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ সময়তে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ চিন্তা ব্যক্ত কৰিছিল। যিবোৰ ঘটনাৰ আগজাননী ইতিমধ্যে বিজেপিয়ে লাভ কৰিছিল বুলি কয়। 

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিবাদেৰে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে বিজেপিৰ সভাপতিগৰাকীয়ে তুলুঙা মত ব্যক্ত কৰি বিধেয়কখনৰ বিৰুদ্ধে অসমবাসী ৰাইজে আন্দোলন কৰা নাই, আন্দোলন কেইটামান দল-সংগঠনেহে কৰিছে বুলি কয়।