দুবছৰৰ পিছত নাথাকিব ডি এল এড

২০৩০ ৰ পিছত বৈধ নহ’ব বি এড ডিগ্ৰী

ডিজিটেল ডেস্ক,১১আগষ্টঃ শিক্ষকতাৰ বাবে বৰ্তমান প্ৰয়োজনীয় বুলি মান্যতা পাই অহা ডি এল এড আৰু বি এড ডিগ্ৰীৰ বৈধতা সমাপ্ত হব শীঘ্ৰেই৷ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে বিধানসভাত ঘোষণা কৰা মতে ২০৩০ চনৰ পিছত ৰাজ্যত নাথাকিব বি এড ডিগ্ৰীৰ বৈধতা। একেদৰে দুবছৰ পিছত ডি এল এডৰো স্বীকৃতি নাথাকিব। বিধানসভাত শিক্ষা বিভাগ সংক্ৰান্তীয় কৰ্তন প্ৰস্তাৱৰ উত্তৰ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰে৷

মন্ত্ৰী পেগুৱে কয়, নতুন শিক্ষা নীতি অনুসৰি অসমত প্ৰযোজ্য হব সংহত চাৰিবছৰীয়া বি এড ডিগ্ৰী।এই সংহত বি এড ডিগ্ৰী গ্ৰহণ কৰা সকলেহে কাৰ্যনিৰ্বাহ কৰিব পাৰিব প্ৰয়োজনীয় শিক্ষকতাৰ পদবীত। লগতে তেওঁ কয় যে ৰাজ্যৰ ৬৮খন মহাবিদ্যালয়ত সংহত বি এড ডিগ্ৰীৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব।

ৰাজ্যত বৰ্তমান ১০ খন বি এড কলেজ, ১৫ খন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত বি এডৰ পাঠ্যক্ৰম আছে। ৰাজ্য চৰকাৰে সংহত বি এড পাঠ্যক্ৰমৰ বাবে ৭১ খন মহাবিদ্যালয় চিনাক্ত কৰিছে। এই মহাবিদ্যালয়সমূহৰ ভিৰতৰ ৩ খন মহাবিদ্যালয় ইতিমধ্যে বিশ্বিদ্যালয়লৈ উন্নীত হৈছে।বাকী ৬৮ খন মহাবিদ্যলায়ত শীঘ্ৰে সংহত বি এড পাঠ্যক্ৰম আৰম্ভ হ’ব। একে সময়তে শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহতো সংহত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ চিন্তা চৰ্চা কৰি আছে।

বিধান সভাত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি ৰাজ্যৰ মুঠ ৬২শতাংশ শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত নহয়। মাত্ৰ ৩৮ শতাংশ শিক্ষকহে প্ৰশিক্ষণপ্ৰাপ্ত।

বৰ্তমানে ডি এল এড আৰু বি এড ডিগ্ৰীধাৰী শিক্ষকসকলৰ বাবে কি ব্যৱস্থা হব এই বিষয়ে কোনো কথা উল্লেখ কৰা নাই যদিওঁ এই ঘোষণাই বৰ্তমানৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীক চিন্তিত কৰি তুলিছে৷