কোকিলাঃ ১২০ মিটাৰ দৈৰ্ঘ্যৰ অসমৰ এখন দলং। এই দলংখনত পিছে ৰাজ্য চৰকাৰৰ কোনো অধিকাৰ নাই৷ প্ৰায় ৩০ খন গাঁৱৰ লোকে আহ-যাহ কৰা দলংখন একমাত্ৰ ৰাইজৰ দলং, ৰাজ্য চৰকাৰৰ নহয়৷

ৰাইজে গাঁঠিৰ ধন আৰু শ্ৰম দানেৰে নিৰ্মাণ কৰিছে এইখন দলং৷ বাৰিষা অহাৰ পূৰ্বে খৰালি কালতে গাঁঠিৰ ধন ভাঙি লগে ভাগে দলং খন ৰাইজে দহোবন কাটি কৰি নিৰ্মাণ কৰে৷ কিয়নো দলংখনেই হ’ল বহিঃ জগতৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম৷

দলংখন নাথাকিলে হাজাৰ হাজাৰ লোক বহিঃ জগতৰ সৈতে বিচ্ছিন্ন হৈ পৰে৷ যাৰ বাবে ৰাইজে খৰালি কালতে টকা-পইছা-সময় খৰছ কৰি মজবুত কৈ সাজি লয় বাহৰ দলংখন৷ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বাশবাৰীত মানাহ নদীৰ ওপৰত আছে এই দলংখন৷

মাণিকপুৰৰ বাশবাৰী অঞ্চলৰ কীৰ্ত্তনপাৰা, বালাৰচৰ, বাশবাৰী, গোলাপাৰা, তিলপুখুৰীকে ধৰি প্ৰায় ২৫ খন গাঁৱৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, শ্ৰমিক, ব্যৱসায়ী আদিয়ে প্ৰতিদিনে এই বাহৰ দলংখনেৰে যাতায়ত কৰি আহিছে।

উত্থাপিত অভিযোগ অনুযায়ী বহু প্ৰতিশ্ৰুতি দিয়ো অভায়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰি তথা ৰাজ্য চৰকাৰে আজিলৈকে দলংখন নিৰ্মাণৰ ব্যবস্থা নকৰিলে৷ ফলত মানাহ নৈৰ পানী বাঢ়ি অহাত দলংখন যিকোনো মুহূৰ্তত উটুৱাই নিব পাৰে বুলি শংকিত হৈ পৰিছে ৰাইজ। ১২০ মিটাৰৰো অধিক দৈৰ্ঘ্যৰ এই দলংখন উটি গৈ যিকোনো মুহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। 

পিছে উপায়হীন ৰাইজে মৰণত শৰণ দি হ'লেও মটৰ চাইকেল, চাইকেল সহিতে বিপদ সংকুলভাৱে এই দলংখনেৰেই আহ-যাহ কৰি আহিছে কলেজ-স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ২৫ খনৰো অধিক গাঁৱৰ লোক। আনকি স্থানীয় ৰাইজে দলংখন নিৰ্মাণ কৰিবলৈ চৰকাৰক আৰু দাবী নজনোৱাৰ সংকল্প গ্ৰহণ কৰিছে।