Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

নতুন দিল্লীঃ আজি ৮ মাৰ্চ৷ সমগ্ৰ বিশ্বতে আজিৰ দিনটোতে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস৷ ১৯০৮ চনত নিউয়ৰ্কত প্ৰথমবাৰৰ বাবে পালন হৈছিল এই দিৱস৷ মূলত নাৰীৰ সম অধিকাৰৰ দাবীতে পালন হৈছিল নাৰী দিবস৷ তেতিয়াৰ পৰা  প্ৰত্যেক বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপিত হয় নাৰী দিৱস৷ নাৰী দিৱসৰ ২০১৭বৰ্ষৰ বিষয় হৈছে "বি বল্ড ফ’ৰ চেঞ্জ"৷ 

“বি বল্ড ফ’ৰ চেঞ্জ" এই কথাষাৰিকে যেন প্ৰমাণিত কৰিছে চত্তীছগড়ৰ এখন গাওঁৰ মহিলাই৷ চত্তীছগড়ৰ কোৰ্বা চহৰৰ বেলগেডী বস্তিত কাঠফুলা খেতিৰে পৰিৱৰ্তনৰ সূচনা কৰিছে মহিলাসকলে৷ এনে এগৰাকী  উদ্যমী মহিলা হৈছে উৰ্মিলা যাদৱ৷ নিতৌ প্ৰায় ১৭ ঘন্টা কাম কৰে যাদৱে৷ মহিলাগৰাকীয়ে আৰধনা স্বয়ম সহায়তা সমূহ আত্মসহায়ক গোটৰ জৰিয়তে নিজৰে নহয় আন বহু মহিলাৰ বাবে আত্মনিৰ্ভৰশীলতাৰ পথ মুকলি কৰিছে৷

স্বচ্ছ ভাৰতৰ বাবে যুঁজ দিছে সকলোৱে৷ ঝাৰখণ্ডৰ ১১বছৰীয়া মনিদৃটা চেটাৰ্জীয়ে নিজৰ হাত খৰছৰ টকাৰ পৰাই আৰম্ভ কৰিছে অনাময় অভিযান৷ 

কিশোৰীসকলৰ মাজত মাহেকীয়াৰ বিষয়ে সচেতন কৰিবলৈ অভিযান আৰম্ভ কৰিছে ছোম্যা ডাবৰিৱাল আৰু নিতিশা শেথিয়াই৷ মূলত গ্ৰাম্য অঞ্চলৰ কিশোৰীসকলক মাহেকীয়া সম্পৰ্কে সচেতন কৰা আৰু ছেনিটেৰী নেপকিন সম্পৰ্কে সচেতন কৰিবলৈ এই ২ যুৱতীয়ে "বালা" নামৰ অভিযান আৰম্ভ কৰে৷