কৰ্ণাটকৰ কিং

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ কিং হৈ পৰিল বিজেপি৷ পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে আগবাঢ়িছে বিজেপি৷ পূৰ্বে অনুমান কৰি অনুসৰিয়ে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে কৰ্ণাটকত৷ মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২ সমষ্টিৰ গণনা অনুষ্ঠিত হৈছে৷ বিজেপিয়ে প্ৰায় ২৭ খন আসন দখল কৰাৰ লগতে প্ৰায় ৮৮ খন আসনত আগবাঢ়ি আছে৷ 

পুৱাই ভোট গণনা আৰম্ভ কৰাৰ লগে লগে বিজেপিৰ ভাল দিনৰ আৰম্ভণি হৈছিল৷ বিজেপিৰ নেতা কৰ্মী আনন্দিত হৈ পৰিছে ফলাফলক লৈ৷ মুঠৰ ওপৰত এতিয়া বিজেপি কৰ্ণাটকৰ কিং হৈ পৰিল৷ বহিজেপিৰ নেতা-ককৰ্মীয়ে প্ৰধানমন্ত্ৰীৰ বাবেহে বিজেপিৰ এনে সফলতা সম্ভৱ হোৱা বুলি কৈ কৰ্ণাটকৰ কিং আখ্যা দিয়ে মোডীক৷

১২ মে’ত ভোটদান সমাপ্ত হোৱাৰ পাছতে ৰাজনৈতিক বিশ্লেষকে অনুমান কৰা মতে কংগ্ৰেছ ডাঙৰ পাৰ্টি হৈ ওলাই অহাৰ লগতে জেডিএছ কিং মেকাৰ হোৱাৰ সম্ভাৱনা থকাৰ ব্যক্ত কৰিছিল যদিও সকলো ভুল বুলি প্ৰমাণ কৰে৷

নিউজ চেনেলৰ চাৰ্ভে মতে, কৰ্ণাটকত সকলোতকৈ ডাঙৰ দল কংগ্ৰেছ হ’বলৈ গৈ আছে৷ ইণ্ডিয়া টুডেৰ এগজিট প’ল মতে, কংগ্ৰেছে ১০৬-১০৮ খন আসন লাভ কৰিব পাৰে৷ বিজেপিয়ে ৭৯-৯২ খন আসন লাভ কৰিব পাৰে৷ জেডিএছে ২-৩০ থন আসন লাভ কৰিব৷ আনহাতে টাইমছ নাৱৰ মতে, কংগ্ৰেছে ৯০-১০৩, বিজেপি ৮০-৯০, জেডিএছে ৩১-৩৯ খন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে৷ ৰিপাব্লিক টিভিৰ মতে, কংগ্ৰেছে ৭৩-৮২, বিজেপি ৯৫-১১৪, জেডিএছে ৩২-৪৩ খন লাভ কৰাৰ সম্ভৱনা আছে৷

যোৱা প্ৰায় ২ মাহ তীব্ৰ প্ৰচাৰৰ অন্তত ১২ মে’ত পুৱাৰে পৰা ভোটদান আৰম্ভ হৈছিল৷ পুৱাই ঘৰৰ পৰা মানুহ ওলাই অহা পৰিলক্ষিত হোৱাৰ লগতে ভোটদান কৰাৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হৈছিল৷ 

কৰ্ণাটকত ৪.৯৮ কোটি ভোটদাতা আছে৷ ইয়াৰে পুৰুষ হৈছে ২.৫২ কোটি, ২.৪৪ কোটি মহিলা আৰু ৪৫৫২ ট্ৰান্সজেণ্ডাৰ৷ কৰ্ণাটকত ৫৫৬০০ ভোট কেন্দ্ৰ আছে৷ স্পৰ্শকাতৰ ভোট কেন্দ্ৰও আছে৷ যাৰ ফলত ৩.৫ লাখ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে নিৰ্বাচন আয়োগে৷ ১৯৮৫ চনৰ পিছত কৰ্ণাটকত দ্বিতীয় বাৰ একেৰাহে কোনো দলৰ চৰকাৰ শাসনলৈ অহা নাই৷ কংগ্ৰেছ পঞ্জাৱৰ পিছত দ্বিতীয় খন ডাঙৰ ৰাজ্য শাসন কৰি আছিল৷ 

বিজেপি কৰ্ণাটক দখল কৰিব বুলি দাবী কৰাৰ লগতে কংগ্ৰেছ পুনৰ শাসনলৈ আহিব বুলি বিশ্বাস কৰি কৈ আহিছে৷ মুখ্যমন্ত্ৰী চিদ্দাৰামায়াই দাবী কৰি আহিছে বিপুল ভোটত কংগ্ৰেছে পুনৰ শাসনলৈ আহিব৷ ৰাজ্য খনত ২২৪টা বিধান সভা সমষ্টি আছে যদিও ২২২টা সমষ্টিতহে ভোটদান অনুষ্ঠিত হৈছে৷ এগৰাকী বিজেপি প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ৰাজা নাগেশ্বৰী নগৰ সমষ্টিত নিৰ্বাচনৰ বিধি উলংঘা কৰাৰ অভিযোগত নিৰ্বাচন স্থগিত ৰাখে৷