The Indian Express
The Indian Express

নলবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ নেতাৰ বাকযুদ্ধ পুনৰ আৰম্ভ হৈছে৷ হিন্দু-মুছলমান, জাতি-ধৰ্মকলৈ পুনৰ আৰম্ভ হৈছে ৰাজনীতি৷ সংখ্যালঘু দৰদী একাংশ নেতাই আকৌ ওচৰ চাপিছে সংখ্যালঘু লোকৰ৷ দেওবাৰে নলবাৰীৰ বৰক্ষেত্ৰী মহাবিদ্যালয় প্ৰাংগনত বিজেপিৰ এখন দলীয় সভা তথা নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হৈ যায়৷

কেবাশতাধিক লোকৰ উপস্থিতিত জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ৰুবুল আলীৰ সভাপতিত্ব অনুষ্ঠিত সভাখনৰ আতঁধৰে সাধাৰণ সম্পাদক জদ্দিছ আলী আৰু তাহিৰুল  ইছলামে। সভাত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে কংগ্ৰেছত ক্ষুৰধাৰ সমালোচনা কৰি মুছলমান আৰু কংগ্ৰেছৰ বহতীয়া হৈ নাথাকে বুলি কৈ মুছলমানক ভয়-ভাবুকি, প্ৰলোভনৰে সদায় ধৰি ৰাখিব নোৱাৰিব বুলি কয়৷

কংগ্ৰেছে বিগত ৭০ বছৰে সংখ্যালঘু ৰাইজক ভোট বেংক কৰি ৰাখিছিল যদিও শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংখ্যালঘু লোকৰ বাবে চিন্তা কৰাৰ লগতে উন্নয়ন বিকাশৰ সমভাগী কৰাইছে৷ যাৰ ফলত সংখ্যালঘু লোক আজি বিজেপি মুখী হৈছে। সংখ্যালঘু ৰাইজে বুজি পাইছে কংগ্ৰেছে যে প্ৰতাৰণা কৰি আছিল বুলি কয় বিজেপিৰ সংখ্যালঘু নেতা মুক্তাৰ হুছেইনে৷

সভাত স্থানীয় বিধায়ক নাৰায়ণ ডেকাই উপস্থিত থাকি সংখ্যালঘু ৰাইজৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি লৈছে বুলি কয়। নীতি নিয়মৰ মাজেৰে সকলোৱে সুযোগ লওক। বিজেপি প্ৰতাৰণাৰ ৰাজনীতি নকৰে। সমন্বয়ৰে সকলোৰে উন্নয়ন বিচাৰিছে বুলি কয় বিধায়ক নাৰায়ণে। সভাত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই সকলোৰে উন্নয়ন বিকাশ বিজেপিৰ মূলমন্ত্ৰ বুলি অবিহিত কৰে। কংগ্ৰেছে সংখ্যালঘু সম্প্ৰদায়টোৰ মাজত মাথো ভোটৰ ৰাজনীতি হে কৰিছিল।

যাৰ ফলত সংখ্যালঘু ৰাইজৰ আজিও দুখলগা অৱস্থা। কংগ্ৰেছে সংখ্যালঘুক একো নজনাকৈ ৰাখিব বিছাৰে৷ তেতিয়া কংগ্ৰেছৰ লাভ হয়। নিৰ্বাচনৰ আগমুহূৰ্তত কেইটামান টকা দিলে সংখ্যালঘু সকলৰ উন্নয়ন বিকাশ নুবুজাই বুলি কয় ডেকাই৷ ডেকাই পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলোকে সাজু হৈ থাকিবলৈ দি কংগ্ৰেছক সম্পূৰ্ণ বিদায় দিবলৈ আহ্বান জনায়৷ সভাত সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তৌফিক ৰহমান, নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ প্ৰভাৰী তবিবুৰ ৰহমানেও ভাষণ আগবঢ়ায়।