ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাও জিলাত ধৰ্ষণৰ অভিযোগত আটকাধীন হৈ থকা বিজেপি বিধায়ক কুলদীপ সিং চেংগৰৰ মুক্তি এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে৷ সামূহিক দুস্কৰ্ম সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত বিজেপি বিধায়কগৰাকীক চিবিআইয়ে উন্নাওৰ পৰা সীতাপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷

 কুলদীপ সিং চেংগৰক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে সীতাপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ নিৰ্যাতিতাৰ পৰিয়লাৰ সুৰক্ষাৰ বাবেই অভিযুক্ত বিজেপি বিধায়কজনক অন্য কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ 

উল্লেখ্য যে, এগৰাকী নাবালিকাৰ সৈতে সামূহিক দূস্কাৰ্য সংঘটিত আৰু নিৰ্যাতিতাৰ পিতৃক জেলৰ ভিতৰতে হত্যা কৰা সন্দৰ্ভত চিবিআইয়ে কুলদীপ সিং আৰু শশী সিঙক আটক কৰি নিজৰ জিম্মালৈ আনিছিল৷

চিবিআইৰ ৰিমাণ্ডৰ ম্যাদ অন্ত পৰাৰ পিছত অভিযুক্ত দুগৰাকীক এলাহাবাদ উচ্চ ন্যায়ালয়ে উন্নাও জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছল৷ কুলদীৰ সিঙৰ ভাতৃ অতুল সিঙ আৰু অন্য ৪ জনো উন্নাও জেলত আছিল৷

নিৰ্যাতিতাৰ পৰিয়ালে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত কয় যে অভিযুক্ত উন্নাও জিলাৰ বিধায়ক হোৱা হেতুকে জিলাখনত কুলদীপ সিঙৰ ৰাজত্ব চলে৷ আনকি কাৰাগাৰৰ ভিতৰতো অভিযুক্তগৰাকীৰ আত্মীয়ৰ কেন্টিন আছে৷

ইফালে নিৰ্যাতিতাৰ খুুৰাকে অভিযুক্ত কুলদীপ সিং চেংগৰে নিৰ্যাতিতাৰ পৰিয়ালটোক দাবী ধমকি দি ভিতীগ্ৰস্থ কৰিবলৈ প্ৰসায় কৰা বুলি অভিযোগ উত্থাপন কৰি গোচৰৰ শুনানি দিল্লী ন্যায়ালয়ত কৰিবলৈ আবেদন জনায়৷

নিৰ্যাতিতাৰ পৰিয়ালৰ আবেদনৰ ভিত্তিতে এলাহবাদ উচ্চ ন্যায়ালয়ে অভিযুক্ত বিযেপি বিধায়ক আৰু তেওঁৰ সহযোগী শশী সিঙক উন্নাওৰ পৰা সীতাপুৰ কাৰাগাৰলৈ লৈ আনিবলৈ নিৰ্দেশ দিয়ে৷ মঙলবাৰে পুৱা এটা ৬ জনীয়া বিচাৰপীঠৰ সিদ্ধান্ত মৰ্মে এই নিৰ্দেশ প্ৰদান কৰা হয়৷