♦ মুখপত্ৰ 'কুসুম কলি’ উন্মোচন

ৰবীন মহন্ত, বৰহোলাঃ গোলাঘাট শিক্ষাখণ্ডৰ পূৱ শিক্ষাখণ্ডৰ অধীনস্থ আঠখেলীয়া চকিয়াল প্ৰাথমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ২ মে’ৰপৰা আৰম্ভ হোৱা বিদ্যালয়খনৰ হীৰক জয়ন্তী বৰ্ষৰ অনুষ্ঠান ৩ মে’ত সফল সমাপ্তি হয়।
সেই উপলক্ষে ২ মে’ পুৱা সামূহিক চাফাই, পাতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তাৰানাথ বৰাই, স্মৃতি তৰ্পণ কৰে বিদ্যালয়খনৰ ভূমিদাতা পৰিয়ালৰ সদস্য নোমল বৰা আৰু তিল বৰাই, বৃক্ষ ৰোপন কৰে বয়োজ্যেষ্ঠ ব্যক্তি ডম্বৰুধৰ বৰাই। বিভিন্ন ধৰণৰ সাহিত্য প্ৰতিযোগিতা উদ্ধোধন কৰে আঠখেলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তিলেশ্বৰ বৰাই, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহখনি উদ্ধোধন কৰে শিক্ষক ৰবীন মহন্তৰ লগতে সঞ্চালনা কৰে গান্ধী বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত কুমাৰ বৰাই। আলোচক হিচাপে আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লীলা বৰাই অংশগ্ৰহণ কৰে।
সন্ধ্যা বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক ডম্বৰুধৰ শইকীয়াই আৰু স্থানীয় শিল্পী সকলৰদ্বাৰা পৰিৱেশিত সাংস্কৃতিক সন্ধ্যা উদ্ধোধন কৰে শিক্ষক হেমেন শইকীয়াই।
৩ মে, পুৱা সামূহিক চাফাইৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰে শিক্ষক লীলা শইকীয়াই। দুপৰীয়া ভাগত আহাৰ বিৰতিৰ পাছতে মুকলি সভা উদ্ধোধন কৰে বিশিষ্ট অধিবক্তা জয়ন্ত গোস্বামীয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা দীনেশ গগৈ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট পূব শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনোজ বৰুৱা।
আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আঠগাঁও জিলা পৰিষদৰ সদস্য জিতেন বৰুৱা, প্ৰাক্তন বেংক বিষয়া ভোগেশ্বৰ শইকীয়া আৰু বৰহোলা বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গনেশ বৰা।মুখপত্ৰ 'কুসুম কলি’ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল শইকীয়াই।