
newsnextone.com | ডিজিটেল ডেস্কঃ যুৱতীক আত্মহত্যা কৰাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত এগৰাকী বিএছএফ জোৱানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷ ইয়াৰ লগে লগে যুৱতীক ধৰ্ষণ কৰাৰো গোচৰ ৰুজু কৰা হৈছে৷
উত্তৰ প্ৰদেশৰ মোজাফ্ফৰনগৰৰ যুৱতীগৰাকীৰ পিতৃয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে৷ অভিযুক্ত বিএছএফ জোৱানজনে যুৱতীক ভাল পোৱাৰ অভিনয় কৰাৰ অভিযোগ উত্থাপন হয়৷
বিয়াৰ প্ৰতিশ্ৰতি দি দীৰ্ঘ সময় শাৰিৰীক সম্পৰ্ক গঢ়ি অৱশেষত বিয়াৰ কথা কোৱাত বিএছএফ জোৱান জনে বিয়া কৰাবলৈ ৰাজি হোৱা নাছিল৷ যুৱতীৰ সৈতে শাৰিৰীক সম্পৰ্ক গঢ়ি ভিডিঅ’ ৰেকৰ্ডিং কৰি ৰাখিছিল বিএছএফ জোৱান জনে৷
বিয়াৰ বাবে জোৰ কৰাত সেই ভিডিঅ’ ইণ্টাৰনেটত আপলোড কৰাৰ ধমকি দিছিল৷ তাৰ পিছতে যুৱতীয়ে আত্মহত্যা কৰে৷ ইতিমধ্যে বিএছএফ জোৱানৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি বিএছএফ জোৱানক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে৷