newsnextone.com | ডিজিটেল ডেস্কঃ  কানাডাৰ টৰন্টো চহৰৰ এখন বিলাসী ৰেষ্টুৰেণ্টত বৃহস্পতিবাৰে প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়৷

জানিব পৰা মতে, এই বিস্ফোৰণত ৰেষ্টুৰেন্টখত উপস্থিত থকা ১৫ গৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ টৰেন্টোৰ ‘বম্বে ভেল’ নামৰ ভাৰতীয় হোটেলখনত সংঘটিত এই বিস্ফোৰণ বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷

কানাডাৰ সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰা বাতৰি অনুসৰি বোমা বিস্ফোৰণ অন্টাৰিঅ’ আৰু হুৰোন্টাৰিঅ’ পথ আৰু এগ্লিটন এম্বেনয়ুৰ সমীপৰ বম্বে ভেল নামৰ ৰেষ্টুৰেন্টখনত সংঘটিত হয়৷

বিস্ফোৰণটোত আহত লোকসকলক চিকিৎসাৰ বাবে টৰেন্টো ট্ৰামা চেন্টাৰত ভৰ্ত্তী কৰা হয়৷ আহত সকলৰ ভিতৰত ৩ গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷