চামগুৰিঃ ১৯০৯ চনতে স্থানীয় এগৰাকী ইছলাম ধৰ্মাৱলম্বী মহিলাৰ আৰ্থিক সাহায্যৰে তথা বাংলাদেশৰ এজন প্ৰসিদ্ধ ৰাজমিস্ত্ৰীৰ জৰিয়তে কামাখ্যা মন্দিৰ আৰু ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা দুখলপীয়া মিনাৰটোৱে বৃহত্তৰ পুৰণিগুদামবাসীৰ মাজত থকা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ চানেকি বছৰ-বছৰ ধৰি বহন কৰি আহিছে যদিও শেহতীয়াকৈ মিনাৰটোৰ সমীপৰে পাৰহৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাক চাৰিলেনলৈ সম্প্ৰসাৰণ কাম প্ৰাধিকৰণে হাতত লোৱাত চূড়ান্ত ভাবুকি কঢ়িয়াই আনিছিল ঐতিহাসিক মিনাৰটোলৈ।
নিৰ্দিষ্ট সময়ৰ ভিতৰত উচ্ছেদৰ বাবে চৰকাৰী বিভাগে জাননী জাৰি কৰাৰ পাছত ১১০ টা বছৰ গৰকা ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে স্থানীয় হিন্দু-মুছলমান উভৈয় সমাজে উঠি-পৰি লাগিয়ো নিৰাশ হ’বলগীয়া হৈছিল।