চামগুৰিঃ ১৯০৯ চনতে স্থানীয় এগৰাকী ইছলাম ধৰ্মাৱলম্বী মহিলাৰ আৰ্থিক সাহায্যৰে তথা বাংলাদেশৰ এজন প্ৰসিদ্ধ ৰাজমিস্ত্ৰীৰ জৰিয়তে কামাখ্যা মন্দিৰ আৰু ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা দুখলপীয়া মিনাৰটোৱে বৃহত্তৰ পুৰণিগুদামবাসীৰ মাজত থকা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ চানেকি বছৰ-বছৰ ধৰি বহন কৰি আহিছে যদিও শেহতীয়াকৈ মিনাৰটোৰ সমীপৰে পাৰহৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাক চাৰিলেনলৈ সম্প্ৰসাৰণ কাম প্ৰাধিকৰণে হাতত লোৱাত চূড়ান্ত ভাবুকি কঢ়িয়াই আনিছিল ঐতিহাসিক মিনাৰটোলৈ।

নিৰ্দিষ্ট সময়ৰ ভিতৰত উচ্ছেদৰ বাবে চৰকাৰী বিভাগে জাননী জাৰি কৰাৰ পাছত ১১০ টা বছৰ গৰকা ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে স্থানীয় হিন্দু-মুছলমান উভৈয় সমাজে উঠি-পৰি লাগিয়ো নিৰাশ হ’বলগীয়া হৈছিল।

এফালে চৰকাৰী পক্ষৰ নিৰ্লিপ্ততা আনফালে উন্নয়নৰ নামত হাতুৰীৰ অঘাতত নিঃশেষ হোৱাৰ উপক্ৰম হৈছিল বৰমছজিদৰ স্থাপত্যবিদ্যাৰ কলাৰ নিদৰ্শন স্বৰূপ পকী মিনাৰটো। 

এনেতে দেৱদূত হৈ ঐতিহাসিক মিনাৰটো সংৰক্ষণৰ বাবে আগবাঢ়ি আহিল যোৰহাটৰ এজন উদীয়মান কাৰিকৰী বিদ্যাত পাৰ্গত যুৱক। উজনিৰপৰা নামনিলৈ যাওঁতে ৰাজপথৰ দাঁতিতে সততে প্ৰত্যক্ষ কৰা মিনাৰটো নিঃচিহ্ন হোৱাৰ উপক্ৰম ঘটা বুলি ফেচবুকৰ জৰিয়তে জানিব পাৰি বিনামূলীয়াকৈ অক্ষত অৱস্থাত নিৰাপদে আন ঠাইলৈ ইয়াক স্থানান্তৰিত কৰিবলৈ আগবাঢ়ি আহিল যোৰহাটৰ ৱাকিল আহমেদ নামৰ কাৰিকৰী দিশত বিচক্ষণ যুৱকজন।

বিশেষ প্ৰযুক্তিৰে সু-উচ্চ মিনাৰটো দাঙি ট্ৰলিত উঠাই প্ৰায় ৭০ ফুট আঁতৰত পুনঃসংস্থাপন কৰাটো অসমৰ ইতিহাসত সম্ভৱত এয়াই প্ৰথম হ’ব বুলি জানিবলৈ দিলে যুৱকজনে। 

ইফালে ৱাকিল আহমেদৰ নেতৃত্বত ইতিমধ্যেই মিনাৰ স্থানান্তৰকৰণৰ কাম বৰমছজিদৰ চৌহদত আৰম্ভও হৈছে ক্ষিপ্ৰতাৰে। যুৱকজনৰ মতে সকলো ঠিকে থাকিলে মাত্ৰ ৬০ টা দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব সমগ্ৰ স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া।