ডিজিটেল ডেস্কঃ সমাগত পোহৰৰ উৎসৱ দীপান্বিতা৷ পোহৰৰ আভাষেৰে চৌদিশ উজ্বলি উঠা এই প্ৰবিত্ৰ দিনটোতে সমগ্ৰ দেশৰ আকাশ আতচবাজিৰে মুখৰিত হৈ পৰে৷ ফুলজাৰি, চকলেট বোমা, কলদিল বোমা আদি ক’ত আতচবাজিৰ শব্দৰে গুঞ্জণ উঠে ধৰণীৰ বুকুত৷

কিন্তু এইবাৰৰ দিপাৱলী প্ৰদূষণ মুক্ত কৰাৰ স্বাৰ্থত দিল্লীত চুপ্ৰিম কোৰ্টে এক নিষেধাজ্ঞা জাৰি কৰিছে৷ চুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি এইবাৰ দিপাৱলী উপলক্ষ্যে পহিলা নৱেম্বৰলৈ ফটকা, ফুলজাৰি আদি আতচবাজি বিক্ৰি কৰিব নোৱাৰিব৷ চুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশক বহুতে লোকে আদৰি লৈছে যদিও আন বহুতে অসন্তুষ্টি প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে৷ 

চুপ্ৰিম কোৰ্টৰ এই সিদ্ধান্তত লেখক চেতন ভগতেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ চেতন ভগতে চুপ্ৰিম কোৰ্টৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে৷ তেওঁ টুইটাৰত কেইবাটাও টুইট কৰি এই বিষয়ে অসহমত ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে৷ 

চেতন ভগতৰ মতে ফটকা-ফুলজাৰি আদি আতচবাজিৰ বিক্ৰি বা ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰাটো যুক্তিহীন৷ এয়া পৰম্পৰাৰ ওপৰত হস্তক্ষেপ কৰা বুলি কৈ তেওঁ কি যুক্তিত চুপ্ৰিম কোৰ্টে এটা ধৰ্মৰ পৰম্পৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব পাৰে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷

লেখক গৰাকীয়ে এটা টুইটত লিখিছে, ‘‘শিশুৰ বাবে আতচবাজী নথকা দিপাৱলীৰ সৌন্দৰ্য ক’ত?’’ লিখক গৰাকীয়ে চুপ্ৰিম কোৰ্টৰ নিষেধাজ্ঞা ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ ওপৰত কেতিয়াও জাৰি হ’ব নোৱাৰে বুলি মন্তব্য কৰে৷ তেওঁ লগতে ইয়াকো কয় যে কোৰ্টে নিষেধাজ্ঞাৰ নিৰ্দেশ শুনোৱাতকৈ আতচবাজিৰ নিয়ন্ত্ৰণৰ ওপৰত বেছি গুৰুত্ব দিব পাৰিলেহেঁতেন৷

নিজৰ অসন্তষ্টি প্ৰকাশ কৰি টুইট যোগে লিখক গৰাকীয়ে প্ৰদূষণ নিয়ন্ত্ৰনৰ ক্ষেত্ৰতো কেইটামান পৰামৰ্শ দাঙি ধৰে৷ চেতন ভগতে পুৰণি পাব্লিক টান্সপোৰ্ট সমূহৰ মেৰামতিৰ দ্বাৰা বহুখিনি প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায় বুলি মন্তব্য কৰে৷ টুইটাৰত তেওঁ চুপ্ৰিম কোৰ্টৰ সিদ্ধান্তৰ বিৰোধিতা কৰি লিখিছে, ‘‘নতুন চিন্তাৰে প্ৰদূষণ ৰোধ কৰক৷ নিষেধাজ্ঞা জাৰি কৰি নহয়৷’’
   
দিল্লী-এনচিআৰৰ প্ৰদূষিত পৰিৱেশ সলনি কৰিবলৈ চেতন ভগতে এসপ্তাহৰ বাবে মটৰ গাড়ী আৰু বিজুলী ব্যৱহাৰ নকৰিবলৈকো টুইট যোগে পৰামৰ্শ প্ৰদান কৰে৷ 

প্ৰখ্যাত লিখক গৰাকীয়ে দিপাৱলীৰ আতচবাজিত নিষেধাজ্ঞা জাৰি কৰা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য টুইটাৰ যোগে দাঙি ধৰে৷ তেওঁ লিখিছে, ‘‘কেৱল হিন্দু সকলৰ উৎসৱতে কোৰ্ট আৰু প্ৰশাসনে নিষেধাজ্ঞা কিয় আৰোপ কৰে? এয়া মহৰম আৰু ঈদৰ সময়ত কিয় নহয়? নে অতি সোনকালেই ঈদৰ সময়ৰ ছাগলী বধ আৰু মহৰমৰ সময়ৰ হিসাংত্মক ঘটনা সমূহত নিষেধাজ্ঞা লগোৱা বাতৰি শুনিবলৈ পোৱা যাব?’’ 

চেতন ভগতে পুনৰ লিখিছে, ‘‘যিবোৰ লোকে দিপাৱলীৰ নিচিনা এটা পবিত্ৰ উৎসৱ পালনত নিষেধাজ্ঞা লগাই পৰিবৰ্তন আনিব বিচাৰিছে, মই তেওঁলোকে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱা উৎসৱ সমূহত বাধা প্ৰদান কৰাটোও চাব বিচাৰো৷’’ 

উল্লেখ্য যে, চুপ্ৰিম কোৰ্টৰ মত অনুসৰি আতচবাজি সমূহৰ বিক্ৰি ১ নৱেম্বৰ ২০১৭ ৰ পৰা পুনৰ চালু কৰিব পাৰিব৷ এই নিৰ্দেশনাৰ পৰা আতচবাজিয়ে প্ৰদূষণৰ ক্ষেত্ৰত কিমান প্ৰভাৱ পেলায় সেয়া চুপ্ৰিম কোৰ্টে চাব বিচাৰিছে৷