গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তক বিৰোধিতা কৰিছে ৰাজ্যৰ সচেতন দল-সংগঠন, বুদ্ধিজাৱী, সাংবাদিক, ছাত্ৰ নেতা তথা ব্যক্তি বিশেষে৷ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন নকৰাৰ কথা সোমবাৰে স্পষ্ট কৰে৷ 

মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে ৰাজ্যৰ জনসাধৰণে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিকে সাক্ষ্য প্ৰদান কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিছে৷ 

বিশেষকৈ ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱীয়ে সোমবাৰে শুনানিত অংশ লৈ মত প্ৰদান কৰিবলৈ ওলাই আহে৷ বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক, কেইগৰাকীমান সাংবাদিক আৰু ৰাজ্যৰ কেইগৰাকীমান বুদ্ধিজীৱীয়ে নেৰানেপেৰা প্ৰতিবাদ অব্যাহত ৰাখিছে৷ 

বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোহাঁই, বুদ্ধিজীৱী ড০ দীনেশ বৈশ্য, হাইদৰ হুছেইন, সাংবাদিক মণজিৎ মহন্ত, অজিত কুমাৰ ভূঞা সহ বিশিষ্ট শিল্পী, সাহিতিক, অৱসৰপ্ৰাপ্ত আমোলা-বিষয়া চৰকাৰক কঠোৰ সমালোচনা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনাই আহিছে৷

সোমবাৰে যুটীয়া সংসদীয় সমিতিৰ সন্মুখত অসমৰ চিন্তাবিদ ড০ হীৰেণ গোহাঁই, বুদ্ধিজীৱী ড০ দীনেশ বৈশ্য আদিয়ে সাক্ষ্য দিবলৈ ওলাই আহে৷ সক্ষ্য প্ৰদান কৰি ড০ হীৰেণ গোহাঁয়ে তয় ‘‘যথেষ্ট দলিল দিয়া হৈছে৷ উচ্চতম ন্যায়ালয়ৰ ৰায়, এই বিষয়ৰ ধৰ্ম নিৰপেক্ষতা সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ ৰায়৷ সেইটো যে এটা আমাৰ সংবিধানৰ মৌলিক চৰিত্ৰ তাৰ সলাব নোৱাৰি তাৰ প্ৰমাণ৷ তাৰ পিছত বাংলাদেশী হিন্দুৰ সংখ্যা অসমত কিমান হ’ব ৫০ লক্ষ মানো হ’ব পাৰে, তাতকৈ বেছি হ’ব পাৰে৷ তাৰ কিছু আনুসংগিক প্ৰমাণ দিয়া হৈছে৷’’ 

আনহাতে ড০ দীনেশ বৈশ্যই অসম গণ পৰিষদ দলক তীব্ৰ সমালোচনা কৰে৷ আছুৰ সেই সময়ৰ নেতৃত্বই অসম আন্দোলন কৰাৰ ফলত এই দলটোৰ জন্ম লাভ কৰা বুলি কৈ আজিৰ দিনটোত আটাইতকৈ বেছি অসম গণ পৰিষদে সক্ৰিয় হ’ব লাগিছিল যদিও সক্ৰিয় হোৱা দেখা নগ’ল বুলি চিন্তা জাহিৰ কৰে৷